উত্তৰ ভাৰতত অব্যাহত শীতৰ প্ৰকোপ। জম্মু-কাশ্মীৰ, হিমাচল প্ৰদেশ, উত্তৰাখণ্ডত হিমবাহে ব্যাহত কৰিছে সাধাৰণ জীৱনযাত্ৰা। ৩ পাহাৰীয়া ৰাজ্যত অভাৱনীয়ভাৱে বৃদ্ধি পাইছে তুষাৰপাত।
উল্লেখ্য যে, হিমাচল প্ৰদেশত তুষাৰপাতৰ বাবে বন্ধ হৈ পৰিছে ৩৪০টাকৈ পথ। হিমাচলৰ ঠায়ে ঠায়ে বৰফৰ ডাঠ আচ্ছাদন। জম্মু-কাশ্মীৰতো তুষাৰপাতৰ বাবে বন্ধ হৈ পৰিছে কেইবাটাও পথ। ডাঠ কুঁৱলীৰ আচ্ছাদনে আৱৰিছে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু ডাল লেক।
গন্ধৰ্বল, সোণমাৰ্গ, পেহেলগাম, বাৰামূলাসহ কাশ্মীৰৰ কেইবাটাও স্থানত পাৰাস্তম্ভ মাইনাচ ১০ ডিগ্ৰীৰ পৰা মাইনাচ ২২ ডিগ্ৰীপৰ্যন্ত নিম্নগামী হৈছে। ৭ জানুৱাৰীলৈ অব্যাহত থাকিব তুষাৰপাত। ৫ আৰু ৬ জানুৱাৰীত প্ৰচণ্ড বৰষুণৰ সম্ভাৱনা।
উত্তৰাখণ্ডৰো পাহাৰৰ শিখৰত তুষাৰপাত বৃদ্ধি পোৱাৰ বাবে জাৰি কৰা হৈছে অৰেঞ্জ এলাৰ্ট। শীতৰ প্ৰকোপৰ বাবে পঞ্জাৱ, হাৰিয়ানা, ৰাজস্থান, উত্তৰ প্ৰদেশ, মধ্যপ্ৰদেশ আদি অঞ্চলতো ঘন কুঁৱলীয়ে ব্যাহত কৰিছে ৰাষ্ট্ৰীয় ঘাইপথৰ যাতায়ত।
১০ ৰাজ্যত প্ৰচণ্ড শীত প্ৰবাহ আৰু কুঁৱলীৰ বাবে জাৰি কৰা হৈছে সতৰ্কতা।
- Log in to post comments