স্বামীৰ মৃত্যুৰ পিছতে মৰাণৰ পৰা গুৱাহাটীলৈ আহিছিল মৌচুমী গগৈ। কিছুদিন পিছতে ভূপেন দাসৰ প্ৰেমত পৰিছিল স্বামীহাৰা মৌচুমী। সেই সময়ত মৌচুমীয়ে জনা নাছিল ভূপেন দাস বিবাহিত হোৱাৰ লগতে দুটি সন্তানৰো পিতৃ। দুবছৰ ধৰি চলা প্ৰেমৰ সম্পৰ্কৰ মাজতে এদিন মৌচুমীয়ে জানিব পাৰিছিল ভূপেনৰ পৰিয়ালৰ কথা। তাৰ পিছতে দুয়োৰে মাজত সৃষ্টি হৈছিল সংঘাতৰ। সেই সংঘাতৰ ভয়ংকৰ পৰিণতিস্বৰূপে শুকুৰবাৰে ভূপেনৰ ছুৰীকাঘাতত প্ৰাণ হেৰুৱালে মৌচুমী গগৈয়ে।
এই সমগ্ৰ ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ দিছপুৰৰ লাষ্টগেটত নাহৰণি পথত। প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই হানি-খুঁচি হত্যা কৰা হ'ল মৌচুমী গগৈক। ভূপেন দাস নামৰ এজন কেবচালকে হত্যা কৰিলে মৌচুমীক। জানিব পৰা মতে, ভূপেন দাসে প্ৰেমৰ প্ৰস্তাৱ দিছিল মৌচুমী গগৈক আৰু তাৰ পিছতে মৌচুমীয়ে প্ৰেম প্ৰত্যাখান কৰাৰ বাবেই হত্যা কৰা হ'ল। মৌচুমীক হত্যা কৰি ভূপেন দাসৰ আত্মহত্যাৰ চেষ্টা।
উল্লেখ্য যে, সংকটজনক অৱস্থাত ভূপেন দাসক GMCHত ভৰ্তি কৰোৱা হয়। দীৰ্ঘদিনে মৌচুমীক নিৰ্যাতন চলাই আহিছিল ভূপেন দাসে। পূৰ্বে পাণবজাৰ থানাত যুৱকজনৰ বিৰুদ্ধে তৰিছিল এজাহাৰ। বিভিন্ন সময়ত ভয়-ভাবুকি প্ৰদৰ্শন কৰি আহিছিল মৌচুমীক। আক্ৰমণত ব্যৱহাৰ হোৱা বাহনখন জব্দ আৰক্ষীৰ।
AS-01JC-7814 নম্বৰৰ বাহনখনত আহিছিল যুৱকজন। পেছাত কেবচালক আছিল হত্যাকাৰী ভূপেন দাস। লগতে, দুটা সন্তানৰ পিতৃ আছিল ভূপেন দাস। হত্যাকাৰী ভূপেন দাসৰ ঘৰ নলবাৰীৰ সৰিয়হতলীত। মহানগৰীৰ বশিষ্ঠত সপৰিয়ালে ভাৰাঘৰত আছিল ভূপেন। মৌচুমীয়ে প্ৰথমে জনা নাছিল ভূপেন দাস বিবাহিত। পৰৱৰ্তী সময়ত গম পাই আঁতৰি আছিল মৌচুমী।
- Log in to post comments