জল্পনা কল্পনাৰ অন্ত! আৰু অধিক দিন অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্বত নাথাকে মহম্মদ ইউনুছ....

bangladesh politics

জল্পনা কল্পনাৰ অন্ত! আৰু অধিক দিন অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্বত নাথাকে মহম্মদ ইউনুছ। বাংলাদেশত এখন গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠাৰ বাবে বাংলাদেশৰ নিৰ্বাচন ঘোষণা কৰি দিলে অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছে। 

অহা বছৰ নতুবা ২০২৬ চনৰ প্ৰথম ভাগত অনুষ্ঠিত হ’ব বাংলাদেশৰ নিৰ্বাচন। শ্বেইখ হাছিনা চৰকাৰৰ পতনৰ পিছত অন্তৱৰ্তীকালীন চৰকাৰৰ মুৰব্বী মহম্মদ ইউনুছৰ অধীনত অনুষ্ঠিত বাংলাদেশৰ বিজয় দিৱসৰ দিনাই এই গুৰুত্বপূৰ্ণ ঘোষণা ইউনুছ চৰকাৰৰ। দেশবাসীক উদ্দেশ্যি দিয়া ভাষণত মহম্মদ ইউনুছে ৰাষ্ট্ৰীয় নিৰ্বাচন অনুষ্ঠিত কৰাৰ পূৰ্বে নিৰ্বাচনী প্ৰক্ৰিয়া আৰু দেশৰ অৰ্থনৈতিক কাঠামোৰ সংস্কাৰৰ প্ৰয়োজন আছে বুলি দোহাৰে। 

উল্লেখ্য যে, বাংলাদেশত প্ৰধান ৰাজনৈতিক দল খালেদা জিয়া নেতৃত্বাধীন BNPএ অচিৰেই নিৰ্বাচনৰ দিন ঘোষণাৰ পোষকতা কৰিছে। কিন্তু BNPৰ দাবীৰ প্ৰতি সঁহাৰি জনাই মহম্মদ ইউনুছে বাংলাদেশৰ ৰাষ্ট্ৰীয় নিৰ্বাচনৰ দিন আজিয়েই ঘোষণা নকৰিলে। ভোটাৰ তালিকা শুদ্ধভাৱে তৈয়াৰ কৰা, আন আন সংস্কাৰ কৰাৰ লগতে সকলো দলৰ ঐক্যমতৰ ভিত্তিত নিৰ্বাচন অনুষ্ঠিত কৰিব বুলি প্ৰকাশ কৰে মহম্মদ ইউনুছে। 

উল্লেখ্য যে, ৫ আগষ্টত প্ৰধানমন্ত্ৰী শ্বেইখ হাছিনা চৰকাৰৰ পতনৰ পিছত মহম্মদ ইউনুছক দিয়া হৈছিল অন্তৱৰ্তীকালীন চৰকাৰৰ দায়িত্ব। কিন্তু শেহতীয়াভাৱে ৰাষ্ট্ৰীয় নিৰ্বাচনৰ বিষয়টো এৰি চলা পৰিলক্ষিত হৈছিল ইউনুছক। 

অৱশ্যে, বিৰোধী BNPএ নিৰ্বাচনৰ দিন ঘোষণাৰ দাবী কৰাৰ পিছতে নিৰ্বাচনৰ কথা ঘোষণা কৰিবলৈ বাধ্য হয় ইউনুছ।

Category