চৰকাৰী চাকৰিৰ বাবে অপেক্ষা নকৰি, নিজৰ কষ্টৰ বলত স্বাৱলম্বীতাৰ নিদৰ্শন দাঙি ধৰিলে চামগুৰিৰ এগৰাকী বিশেষ মহিলাই। অসমীয়া থলুৱা খাদ্যক বনালে স্বাৱলম্বীতাৰ মুল উৎস। অসমীয়া পৰম্পৰাগত থলুৱা খাদ্যৰে ব্যৱসায়ী কৰি আন মহিলাসকলৰ বাবেও হৈ পৰিল এক উদাহৰণ।
উল্লেখ্য যে, অসমীয়া পৰম্পৰাগত খাদ্য পিঠাপনা, লাৰু আদি বিভিন্ন সামগ্ৰী প্ৰস্তুত কৰি প্ৰতি মাহে হাজাৰ হাজাৰ টকা উপাৰ্জন কৰিছে চামগুৰি এগৰাকী মহিলাই। নাম দিপালী শইকীয়া, ঘৰ চামগুৰি কোৰাবাহি।
মহিলাগৰাকীৰ ভাষ্য অনুসৰি, "তেওঁ প্ৰথমে তিনি হাজাৰ টকাৰ পৰা নিজৰ ব্যবসায়ত আগ আগবঢ়াইছিল আৰু বৰ্তমান তেওঁৰ মাহিলী উপাৰ্জন ১৫ৰ পৰা ২০ হাজাৰ টকা। মহিলাগৰাকীৰ সাহসীকতাক প্ৰমাণ। এতিয়া অসমীয়া থলুৱা খাদ্যৰ ব্যৱসায় কৰি সুন্দৰকৈ চলাইছে তাইৰ সংসাৰখন। বহুজনৰ বাবে আদৰ্শ হৈ পৰিছে মহিলাগৰাকী।"
- Log in to post comments