সাংবাদিক, নিবন্ধকাৰ, ঔপন্যাসিক বুলন কুমাৰ শইকীয়াৰ দেহাৱসান
নাহৰকটীয়াৰ নিজ বাসগৃহত শেষ নিশ্বাস ত্যাগ নিবন্ধকাৰগৰাকীৰ
৪৮ বছৰ বয়সত দেহাৱসান জ্যেষ্ঠ সাংবাদিকগৰাকীৰ
দীৰ্ঘদিনে যকৃত ৰোগত আক্ৰান্ত হৈ আছিল বিশিষ্ট ঔপন্যাসিকগৰাকী
বুলন কুমাৰ শইকীয়াৰ মৃত্যুত সংবাদ জগতত শোকৰ ছাঁ
১৯৭৬ চনৰ ১ জানুৱাৰীত জন্ম লাভ কৰা বুলন শইকীয়াই ৯০ দশকত সংবাদ ক্ষেত্ৰখনত ভৰি দি বিভিন্ন দৈনিক বাতৰি কাকতৰ লগতে সংবাদ সেৱা আগবঢ়োৱাৰ লগতে ২০০৮ চনত অসমৰ প্ৰথমটো ব্যক্তিগত খণ্ডৰ টেলিভিশ্বন চেনেলত যোগদান কৰি নাহৰকটীয়াৰ বৈদ্যুতীন মাধ্যমৰ প্ৰথমগৰাকী সাংবাদিক ৰূপে সেৱা আগবঢ়াইছিল।
সংবাদ ক্ষেত্ৰৰ উপৰিও ‘এজন ভিক্ষুৰ জন্ম’, ‘অসম ভাৰত’, ‘দ্যা আৰকান ইন্টেল’ নামৰ কেইবাখনো গ্ৰন্থ ৰচনা কৰিছিল বিশিষ্ট সাংবাদিকগৰাকীয়ে। থলুৱা মৃত্যুৰ সৈতে যুঁজি থকাৰ সময়তো তেখেতে ‘চি-এন-চি’ নামৰ গ্ৰন্থ ৰচনাত ব্যস্ত আছিল বুলন শইকীয়া। কিন্তু গ্ৰন্থখন সম্পূৰ্ণ হোৱাৰ পূৰ্বে তেওঁ ইহলীলা সম্বৰণ কৰে।
জ্যেষ্ঠ সাংবাদিক বুলন শইকীয়াৰ মৃত্যুৰ খবৰ বিয়পি পৰাৰ লগে লগে অসংখ্য গুণমুগ্ধই তেখেতৰ বাসগৃহত উপস্থিত হৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে।
- Log in to post comments