এটা প্রেম কাহিনী, এখন বাইক আৰু অভিযোগ। প্ৰেমিক-প্ৰেমিকাৰ মাজত মনোমালিন্যত জমি উঠিছে হাজো আৰক্ষী থানাৰ চৌহদ।
এজন যুৱকক, যুৱকজনৰ ঘৰ কামৰূপৰ পছৰীয়াত। যুৱকজনৰ সৈতে প্ৰথমে প্ৰেমৰ সম্পৰ্ক গঢ়ি উঠিছিল হাজোৰ চেঁচামুখৰ টেট শিক্ষয়ত্ৰী তৰালী দাসৰ সৈতে।
প্ৰথমতে সকলো ঠিকেই চলিছিল প্ৰেমৰ সম্পৰ্ক। কিন্তু এখন বাইকে দুয়োৰো প্ৰেমৰ মাজত আনিলে বিভেদ।
অভিযোগ অনুসৰি, প্ৰেমিক কৌশিকে প্ৰেমিকা তৰালীৰ নামত লোণ লৈ এখন বাইক কিনিছিল। কিন্তু প্ৰেমিকাৰ অভিযোগ প্রেমিকে বাইক খন লৈ পৰিশোধ কৰা নাই লোণৰ কিস্তি।
কিন্তু বিপৰীত ভাষ্য প্ৰেমিক কৌশিকৰ। প্ৰেম বিচ্ছেদ হোৱাৰ পিছত এতিয়া অভিযোগ আৰু প্ৰতি-অভিযোগ।
- Log in to post comments