কাইলৈ ধনটেৰছ! এই দিনটোত কি বস্তু ক্ৰয় কৰিলে মা লক্ষ্মী সন্তুষ্ট হয়?

Dhanteras

হিন্দু ধৰ্মত ধনটেৰছৰ এক গুৰুত্ব আছে, এই ধনটেৰছ দীপাৱলীৰ এদিন আগতে পালন কৰা হয়। ইয়াক ধন-সম্পত্তি, সমৃদ্ধি আৰু নতুন আৰম্ভণিৰ প্ৰতীক হিচাপে গণ্য কৰা হয়। এই দিনটোত সোণ, ৰূপ, বাচন আদি ক্ৰয় কৰাটো শুভ বুলি গণ্য কৰা হয়। কাতি মাহত পালন কৰা এই উৎসৱৰ দিনটোতো তুলসী পূজাৰ বিশেষ তাৎপৰ্য আছে। ধনটেৰছৰ দিনা তুলসী সম্পৰ্কীয় কিছু প্ৰতিকাৰ কৰিলে সুখ, সমৃদ্ধি, সৌভাগ্য, ধন-সম্পত্তি আৰু স্বাস্থ্য বৃদ্ধি পায় বুলি বিশ্বাস কৰা হয়। 

গতিকে, জানো আহক ধনটেৰছৰ দিনটোত কি বস্তু ক্ৰয় কৰিলে মা লক্ষ্মী সন্তুষ্ট হয়?

বৰ্তমান সময়ত সোণৰ মূল্য হৈ পৰিছে আকাশলঙ্ঘী। সাধাৰণ মানুহৰ বাবে সোণ ক্ৰয় কৰাটো যেন সম্ভৱ নহয়। তেনেস্থলত ধনটেৰছৰ দিনটোত মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ সোণ, ৰূপৰ পৰিৱৰ্তে কি বস্তু ক্ৰয় কৰিব?

উল্লেখ্য যে, দীপাৱলীৰ ৫ দিনীয়া উৎসৱ শৃংখলাৰ প্ৰথমটো উৎসৱ ধনটেৰছ উৎসৱ। প্ৰতি বছৰে কাৰ্তিক মাহৰ কৃষ্ণ পক্ষৰ ত্ৰয়োদশী তাৰিখে ধনটেৰছৰ পবিত্ৰ উৎসৱ পালন কৰা হয়। সনাতন পঞ্চাঙৰ মতে এইবাৰ এই তাৰিখ ২০২৪ চনৰ ২৯ অক্টোবৰত পৰিছে। 

ধনটেৰছৰ দিনটোত মা লক্ষ্মীক সন্তুষ্ট কৰিবলৈ সোণ, ৰূপৰ পৰিৱৰ্তে ঘৰলৈ আনিব পাৰে - ঝাড়ু, নিমখ, কাঁহ বা পিতলৰ সামগ্ৰীৰ লগতে গোখাঁই থাপনাৰ যিকোনো সমাগ্ৰী। এই সমূহ বস্তু ক্ৰয় কৰিব পাৰিলেও মা সন্তুষ্ট হয় বুলি কোৱা হয়।

Category