ভাৰত, চীন সীমা বিবাদৰ নতুন মোৰ! ব্ৰীকছ সন্মিলনৰ এদিন পূৰ্বেই ভাৰত চীন সীমান্তৰ উত্তেজনাৰ বৰফ গলিল....

india and china

ভাৰত, চীন সীমা বিবাদৰ নতুন মোৰ। ব্ৰীকছ সন্মিলনৰ এদিন পূৰ্বেই ভাৰত চীন সীমান্তৰ উত্তেজনাৰ বৰফ গলিল। সুদীৰ্ঘ ৪ বছৰৰ অচলাৱস্থাৰ পিছত ভাৰত–চীনে সীমান্তৰ উত্তেজনা হ্ৰাসৰ বাবে সন্মত হয়। 

২০২০ চনত প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত থকা অৱস্থালৈ উভতি যোৱাৰ সিদ্ধান্ত ভাৰত চীনৰ। অৰ্থাৎ ২০২০ চনৰ স্থিতাৱস্থা বাহাল ৰখাৰ পক্ষত সন্মত হয় দুই প্ৰতিৱেশী দেশ। ২০২০ চনতেই গালোৱান সংঘৰ্ষৰ পিছতেই সীমান্তত উত্তেজনাৰ সূত্ৰপাত হৈছে। 

হিমালয়ান চেক্টৰত দুই দেশে সৈন্য প্ৰত্যাহাৰৰ সিদ্ধান্ত গ্ৰহণ কৰে। কূটনৈতিক পৰ্যায়ত হোৱা আলোচনাত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হয়। দুই দেশে প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত পেট্ৰ’লিং সন্দৰ্ভত এক বুজাবুজিত উপনীত হয়। এই সিদ্ধান্তৰ পিছতে ভাৰত আৰু চীনে গালোৱান সংঘৰ্ষৰ তিক্ততা পিছ পেলাই কূটনৈতিক ক্ষেত্ৰত আগুৱাই যোৱাৰ নীতি গ্ৰহণ কৰে। 

বিশেষকৈ ২০২০ৰ স্থিতাৱস্থা বাহাল ৰখাৰ সিদ্ধান্ত ভাৰতৰ বাবে এক কূটনৈতিক জয় হিচাপে পৰিগণিত হৈছে। যদি চীনে সঁচাকৈ এই সিদ্ধান্ত মানি চলে তেতিয়াহ’লে তেওঁলোকে দখললৈ নিয়া ভাৰতৰ বৃহৎ ভূখণ্ড এৰি দিব লাগিব। 

এয়া হ’ব ভাৰতৰ বাবে এক বৃহৎ কূটনৈতিক বিজয়। ৰাছিয়াত অনুষ্ঠিত হ’বলগীয়া ব্ৰীকছ সন্মিলনত চীনৰ ৰাষ্ট্ৰপতি জি জিংপিঙৰ সৈতে প্ৰধানমন্ত্ৰী মোদী এক দ্বিপাক্ষিক বৈঠকত অংশগ্ৰহণ কৰাৰ সম্ভাৱনা আছে। মোদী–জিংপিং দ্বিপাক্ষিক বৈঠকৰ ৰূপৰেখা দুই দেশৰ বিদেশ মন্ত্ৰালয়ে তৈয়াৰ কৰি আছে। 

ব্ৰীকছ সন্মিলনৰ পূৰ্বে ভাৰত চীনৰ এই সিদ্ধান্ত এক গুৰুত্বপূৰ্ণ ঘটনা হিচাপে পৰিগণিত হৈছে।   

Category