সাৱধান! দালালৰ পাকচক্ৰত পৰি সৰ্বস্বান্ত এজন ব্যক্তি, প্ৰায় ২৫ লাখ টকা আত্মসাৎ ব্যক্তিজনৰ পৰা.....

nalbari fraud

নলবাৰীত দালালৰ পাকচক্ৰত পৰি সৰ্বস্বান্ত অসম আৰক্ষীত কৰ্মৰত এজন ব্যক্তি। বেংকৰ লোণ দিয়াৰ নামত দালালে আত্মসাৎ কৰিলে প্ৰায় ২৫ লাখ কৈ টকা। নলবাৰীৰ দেহাৰকুছিৰ কনক নমঃশুদ্ৰ নামৰ অসম আৰক্ষীৰ 11th APBN ত কৰ্মৰত জোৱানজনে গৃহ নিৰ্মাণৰ বাবে বেংকৰ পৰা ল’ব বিচাৰিছিল লোণ। তেনে সময়তে দালালৰ পাকচক্ৰত।পৰিল কনক নমঃশুদ্ৰ নামৰ অসম আৰক্ষীত কৰ্মৰত ব্যক্তিজন। 

জানিব পৰা মতে,  সেই সময়ত কনকৰ পত্নীৰে চিনাকি হয় বৰভাগৰ ফকিৰতোলাৰ জুল হক আলীৰ লগত। নিজকে বেংকৰ বিষয়া বুলি চিনাকি দিছিল দালাল জুল হক আলীয়ে। সেইবাবে তেওঁলোকক লোণ দিয়াৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে দালালজনে। 

মহানগৰীৰ আদাবাৰীত থকা এটা ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানত কনক নমঃশুদ্ৰৰ নামত দালাল জুল হক আলীয়ে দুবছৰ পূৰ্বে ২০ লাখ টকাৰ লোণ মঞ্জুৰ কৰাই দিছিল। একেদিনাই বৰ্ণিহাটৰ ষ্টেট বেংক অফ ইণ্ডিয়ালৈ কনক নমঃশুদ্ৰক মতাই নি পুনৰ ১১ লাখ টকা মঞ্জুৰ কৰাই দিয়ে জুল হক আলীয়ে। সৰ্বমুঠ ৩১ লাখ টকাৰ লোণ লাভ কৰাৰ পিছতে দালাল জুল হকে চল চাতুৰীৰে ব্যক্তিজনৰ ম'বাইল ফোনটোৰ চিম কাৰ্ডখন লগত লৈ যায়। 

তাৰ পিছতে নিজৰ প্ৰাপ্য খিনি বিচাৰি কনক নমঃশুদ্ৰই জুল হক আলীৰ কাষ চাপে যদিওঁ‌ দালাল জুল হকে ব্যক্তিজনক মাত্ৰ ছয় লাখ টকাহে প্ৰদান কৰে। ইফালে ছিমখন ওভোতাই অনাত ওলাই পৰে উৰহীৰ ওৰ। 

দালাল জুল হকে কনক নমঃশুদ্ৰৰ ছিমকাৰ্ডখন ব্যৱহাৰ কৰি তেওঁৰেই একাউণ্টৰ পৰা নিজৰ পত্নীৰ লগতে অঙহী বঙহীৰ একাউন্টলৈ প্ৰেৰণ কৰে পচিশ লাখ টকা। 

আনহাতে, সোমবাৰে ব্যক্তিগত বিত্তীয় প্ৰতিষ্ঠানৰ লোক আহি ছীল কৰি দিয়ে কনক নমঃশুদ্ৰৰ ঘৰ। যাৰ পৰিণতিত কনক নমঃশুদ্ৰই ৰাস্তাত বহি পাৰ কৰিছে দিন। ঘটনা সন্দৰ্ভত কনক নমঃশুদ্ৰই আৰক্ষীৰ কাষ চাপিছে যদিওঁ‌ এইমূহুৰ্তলৈ পলাতক হৈ আছে অভিযুক্ত জুল হক আলী।

Category