চেষ্টাৰ অসাধ্যে একো নাই! চেষ্টা কৰিলে সকলো কামে সম্ভৱ হৈ পৰে। তাৰে এক উদাহৰণ হৈছে ২৫ বছৰীয়া ৰাজৰ্ষি বৰুৱা। অসম লোকসেৱা আয়োগৰ CDS পৰীক্ষাত ৭বাৰৰ প্ৰচেষ্টাৰ অন্তত উত্তীৰ্ণ হ'বলৈ সক্ষম হ'ল মাত্ৰ ২৫ বছৰীয়া ৰাজৰ্ষি বৰুৱা।
উল্লেখ্য যে, আৰক্ষীৰ SI পৰীক্ষাত উৰ্ত্তীণ হ'বলৈ সক্ষম নোহোৱা, অসম লোকসেৱা আয়োগৰ CDS পৰীক্ষাত ৭বাৰৰ প্ৰচেষ্টাৰ অন্তত ভাৰতীয় সেনাবাহিনীৰ লেফটেনেন্ট পদত নিযুক্তি লাভ কৰিবলৈ সক্ষম হ'ল ৰাজৰ্ষি বৰুৱা।
দৰং-ওদালগুৰি সীমান্তৱৰ্তী অতি ভিতৰুৱা অঞ্চলৰ পৰা ভাৰত-পাকিস্তান সীমান্তৰ দূৰ্গম চিয়াচেন অঞ্চলত লেফটেনেন্ট হিচাপে নিযুক্ত হোৱা ৰাজৰ্ষি বৰুৱাৰ যাত্ৰাপথ নাছিল মসৃণ। যুৱকজনৰ এনে সফলতাত আনন্দৰ বন্যা নামিছে সমগ্ৰ অঞ্চলটোত।
ভাৰতীয় সেনা বাহিনীৰ লেফটেনেণ্ট হিচাপে দেশ মাতৃক সেৱা কৰিবলৈ সুবিধা লাভ কৰাৰ বাবে গৌৰৱবোধ কৰিছে ৰাজৰ্ষি বৰুৱাৰ পিতৃ- মাতৃ তথা গাঁওবাসীয়ে।
- Log in to post comments