সমাগত দুৰ্গা পূজা! দুৰ্গা পূজাক লৈ SOP জাৰি জিলা প্ৰশাসনৰ....

Durga Puja

সমাগত শাৰদীয় উৎসৱ দুৰ্গা পূজা! কামৰূপ মহানগৰ জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ উদ্যোগত শাৰদীয় দুৰ্গোৎসৱ সন্দৰ্ভত আলোচনা চক্ৰ। এইবাৰ পূজা উদযাপন কৰিবৰ বাবে কৰিব লাগিব অনলাইন আবেদন। আবেদন কৰা Online apply appটো হৈছে  Seva Setu। 

আলোচনা চক্ৰত উপস্থিত দুৰ্যোগ প্ৰশমন বিভাগৰ আয়ুক্ত, DCP WEST, পৰিবহণ বিভাগৰ বিষয়া তথা জিলা প্ৰশাসনৰ বিষয়ববীয়া সকল লগতে উপস্থিত থাকে বিভিন্ন পূজা সমিতি সমূহৰ বিষয়ববীয়া সকল।

পূজা সমিতিৰ বাবে নিৰ্দেশনা - 

১. উৰণ সেতু নিৰ্মাণৰ কাম চলি থকা স্থানত পূজাৰ সময়ত যান বাহন চলাচলত নিয়ম সলনি হ'ব

২. লাল গণেশ, ৰুক্মিণী গাওঁ , চানমাৰিত প্ৰযোজ্য হ'ব এই নিয়ম 

৩. পূজা স্থলীত পেট্ৰল, কেৰাচিন, ডিজেল জাতীয় সামগ্ৰী ৰাখিব নোৱাৰিব 

৪. বিসৰ্জনৰ বাবে অহা গাড়ীত চালকৰ ওপৰত দৃষ্টি ৰাখিব লাগিব সমিতিয়ে। সুৰাপান কৰি গাড়ী চলাব নোৱাৰিব চালকে। লগতে লাইচেঞ্চ বিহীন কিশোৰক গাড়ী চলাবলৈ দিয়া নহ'ব

৫. পূজাৰ লগত সংগতি নথকা সংগীত বজোৱাত বাধা আৰোপ

৬. পূজা মণ্ডপত CC কেমেৰা ৰাখিব লাগিব। কেমেৰাত বন্দী হ'ব লাগিব ১ মাহৰ সকলো দৃশ্য

৭. পূজা সমিতিয়ে পথ বন্ধ কৰি লাইটিং গেট স্থাপন কৰিব নোৱাৰিব

লগতে, সুৰাপায়ী বাহন চালকলৈ দুখবৰ! দূৰ্গাপূজাৰ দিন কেইটাত ওৰে নিশা চলিব সুৰাপায়ী চালকৰ বিৰুদ্ধে গুৱাহাটীত পৰিৱহন বিভাগৰ অভিযান। সুৰাপান কৰি বাহন চলালেই ভৰিব লাগিব ১০ হাজাৰ টকা লগতে, বাতিল হ'ব লাইচেন্স।

Category