বৰ্তমান সকলো মানুহ কিবা নহয় কিবা কামত ব্যস্ত থাকেই। ব্যস্ততাৰে ভৰা জীৱনত কিছুমান সৰুসুৰা নিয়ম পালন কৰিলে, জীৱনটো অলপ মধুৰ হয়। আজি জানো আহক পুৱা কৰ্মৰ বাবে ওলাই গ'লে কি নিয়ম নামিব পাৰে?
১. ৰাতিপুৱা কৰ্মলৈ ওলাই যাওঁতে ঘৰৰ ইষ্ট দেৱতাক সেৱা কৰিব লাগে। লগতে ক'ব লাগে যে "মোৰ সকলো কৰ্ম যাতে ভালদৰে হয়", বিশ্বাস কৰা হয় , ইষ্ট দেৱতাক এনেদৰে ক'লে তেওঁ আপোনাৰ ওপৰত কৃপা বজায় ৰাখে।
২. বাস্তু শাস্ত্ৰৰ মতে, যেতিয়া কৰ্মৰ বাবে ঘৰৰ পৰা ওলাই যোৱা যায় তেতিয়া পাৰিলে উত্তৰ বা পূৱফালে মুখ কৰি যাব লাগে। এনেদৰে কৰিলে সকলো কাম সিদ্ধি হয় বুলি বিশ্বাস কৰা হয়।
৩. ৰাতিপুৱা কৰ্মৰ বাবে যাওঁতে ঘৰৰ মুখ্য দ্বাৰেদি ওলাই যাব। বাস্তু শাস্ত্ৰ মতে, মুখ্য দ্বাৰ হৈছে ঘৰৰ ধনাত্মক শক্তিৰ ধাৰা।
৪. পৰাপক্ষত ঘৰৰ পৰা ওলাই গ'লে কেতিয়াও ঘৰৰ কোনো সদস্যৰ লগত তৰ্ক বা কাজিয়া আদি কৰি ওলাই যাব নালাগে, ইয়াৰ ফলত গোটে দিনটো ঋণাত্মক হৈ পৰে।
- Log in to post comments