৪৩৬ কোটি টকা লোকচান পৰিবহন বিভাগৰ! ৰাজ্যৰ পৰিবহণ নিগমৰ মৃত্যুঘণ্টা.....

TRANSPORT

ৰাজ্যৰ পৰিবহণ নিগমৰ মৃত্যুঘণ্টা
ICUত সোমাইছে ৰাজ্যিক পৰিবহণ নিগম
৭ বছৰত পৰিবহণ বিভাগত লোকচান ৪৩৬ কোটি টকা
সদনত পৰিবহণ মন্ত্ৰী কেশৱ মহন্তৰ হতাশজনক উত্তৰ
তীব্ৰ লোকচানৰ বাবে বন্ধ হোৱাৰ উপক্ৰম পৰিবহণ নিগম

ৰাজ্যৰ পথত চলি থকা অৱস্থাত নাই ৪৮৬খনকৈ বাছ
আস্থানত পৰি থকা বাছৰ ১৭২খনৰে নাই মেৰামতিৰ সম্ভাৱনা
পৰিবহণ নিগমে লীজত দিব ওলাইছে ২২৬খন অচল বাছ
২০২১-২২ বৰ্ষত পৰিবহণ নিগমৰ লোকচানৰ পৰিমাণ ১০,৬৫৩ লাখ
২০২২-২৩ বৰ্ষত নিগমৰ লোকচানৰ সন্মুখীন ৮,৩৩৭ লাখ টকাৰ

২০১৬-১৭ বৰ্ষৰ পৰা ২০২২-২৩ বৰ্ষলৈ পৰিবহণ নিগমনত ৮১৩.৮১ কোটি আয়ৰ বিপৰীতে ব্যয় ১.৪১৭.১২ কোটি। সেই হিচাপত চাবলৈ গ’লে ২০১৬–১৭ বৰ্ষত ব্যয় ১৯ লাখ ৪৯০ টকা। বছৰটোত লোকচান প্ৰায় ৮,৭৮৬ লাখ টকা। ২০১৭–১৮ বৰ্ষত লোকচানৰ পৰিমাণ ৫,৩৭৪ লাখ টকা।  ২০১৮–১৯ বৰ্ষত ১০,১৩২ লাখ টকা। ২০১৯–২০ত ৯,৭৮১ লাখ টকা। ২০২০–২১ত ৮,২৬৩ লাখ টকা। ২০২১–২২ত ১০,৬৫৩ লাখ টকা। ২০২২–২৩ত ৮,৩৩৭ লাখ টকা। 

সদনত পৰবিহণ মন্ত্ৰী কেশৱ মহন্তই কোৱা অনুসৰি জনসাধাৰণৰ সেৱাৰ প্ৰতি লক্ষ্য ৰাখি দুৰ্গম আৰু ভিতৰুৱা অঞ্চলৰ যাতায়াতৰ সুবিধাৰ্থে বাছ সেৱা প্ৰদান কৰি আহিছে ASTCএ। অৰ্থ সংগ্ৰহতকৈ জনসাধাৰণৰ প্ৰতি সেৱা আগৱঢ়োৱাটোৱেই প্ৰাথমিক দায়বদ্ধতা বুলি উল্লেখ কৰি মন্ত্ৰী কেশৱ মহন্তই সদনত ক’লে বৰ্তমানলৈকে পৰিবহণ নিগমৰ নিজস্ব বাহনৰ সংখ্যা ৬৪৬খন। বৰ্তমান চলাচল কৰা নাই ৪৮৬খন বাছ। মেৰামতি সম্ভৱ হোৱা বাছৰ সংখ্যা ৮৮খন। আৰু মেৰামতি সম্ভৱ নোহোৱা বাছৰ সংখ্যা ১৭২খন। কিমান কৰ্মচাৰী আছে ৰাজ্যিক পৰিবহণ নিগমত। মন্ত্ৰী মহন্তই তথ্য প্ৰকাশ কৰা অনুসৰি ১,৮০৩গৰাকী কৰ্মচাৰীৰ দৰমহাৰ নামত বছৰি ব্যয় হয় প্ৰায় ৪৪৪ লাখ টকা। 

Category