পেৰিছ পেৰালিম্পিক ২০২৪ত প্ৰথম দিনাই চমক।সৃষ্টি কৰিবলৈ সক্ষম হ'ল ভাৰতৰ সৰ্বকনিষ্ঠ এথলীট খেলুৱৈ শীতল দেৱীয়ে। দুয়োখন হাতৰ অবিহনে কেৱল ভৰিৰেই লক্ষ্যভেদ কৰি পেৰালিম্পিকত অভিলেখ গঢ়ে ভাৰতৰ আৰ্চাৰ শীতল দেৱীয়ে। কোৱালিফাই ৰাউণ্ডত ৭২০ৰ ভিতৰত ৭০৩ পইণ্ট অৰ্জন কৰে খেলুৱৈগৰাকীয়ে।
উল্লেখ্য যে, পেৰিছৰ লে ইনভালদিছ এৰেনাত তুৰস্কৰ ওজনুৰ কিউৰৰ সৈতে প্ৰতিযোগিতাত নামে ভাৰতী আৰ্চাৰ শীতল দেৱী। মহিলাৰ কম্পাউণ্ড অপেন ৰেংকিঙৰ বহু সময় শীৰ্যত থকাৰ অন্তত ১৭ বছৰীয়া ভাৰতীয় এথলীটগৰাকীতকৈ ১ পইণ্ট বেছি স্ক’ৰ কৰি শীৰ্ষস্থান লাভ কৰে ওজনুৰে।
আনহাতে, ইচ্ছা, দৃঢ়বিশ্বাস আৰু সাহস থাকিলে সকলো সম্ভৱ, এই কথা আকৌ এবাৰ বুজায় দিলে ভাৰতৰ আৰ্চাৰ শীতল দেৱীয়ে। দুয়োখন দুই হাত নথকাৰ পিছতো ভৰিৰে লক্ষ্যভেদ কৰি বিশ্বৰ অভিলেখ গঢ়িবলৈ সক্ষম।
- Log in to post comments