ঘৰৰ সুখ আৰু শান্তি বৰ্তাই ৰখা তথা নেতিবাচক শক্তি দূৰ কৰাৰ বাবে শাস্ত্ৰত বহুতো প্ৰতিকাৰৰ কথা উল্লেখ কৰা হৈছে । সেই প্ৰতিকাৰৰ এক অন্যতম হ'ল ময়ূৰৰ পাখি । ঘৰত ময়ূৰৰ পাখি থাকিলে বাস্তু ত্ৰুটিবোৰ দূৰ হয় । আনহাতে, ঘৰত ময়ূৰৰ পাখি ৰাখিলে ধনৰ অভাৱ দূৰ হোৱাৰ লগতে সফলতাৰ বাট মুকলি কৰে।
হিন্দু ধৰ্মত ময়ূৰৰ পাখিক অতি শুভ বুলি গণ্য কৰা হয়। ময়ূৰৰ পাখি হৈছে শ্ৰীকৃষ্ণৰ এক অংশ। ঘৰত ময়ূৰৰ পাখি ৰাখিলে বহু উপকাৰ পোৱা যায়। কিন্তু সঠিক দিশ বা স্থানত নথ'লে এই গোটেই ঘৰখনত ঋণাত্মক পৰিস্থিতিৰ সৃষ্টি কৰে। কিন্তু আজি আমি জানিম ঘৰত ময়ূৰৰ পাখি ৰাখিলে কি কি উপকাৰ হয়?
১. ঘৰত ময়ূৰৰ পাখি ৰাখিলে কোনো কামত বাধা প্ৰদান নহয়। কিয়নো ভগৱান শ্ৰীকৃষ্ণক সৌভাগ্যৰ প্ৰতীক বুলি গণ্য কৰা হয়।
২. টকাৰ অভাৱ কেতিয়াও নহয়। যদিহে আপুনি আৰ্থিক সমস্যাত ভুগি আছে, তেন্তে ময়ূৰৰ পাখি এডাল সদায় লগত ৰাখিব।
৩. শত্ৰুৰ পৰা মুক্ত হ'ব পাৰিব। কিয়নো ময়ূৰৰ পাখিক বহু বেছি ধনাত্মক বুলি গণ্য কৰা হয়। সেই কাৰণে ইয়াৰ ধনাত্মক শক্তিয়ে শত্ৰুৰ পৰা মুক্ত হোৱাত সহায় কৰে।
৪. বাস্তু দোষ নোহোৱা হয়। যদি আপুনি আপোনাৰ ঘৰৰ পৰা বা আপোনাৰ জীৱনৰ পৰা বাস্তু দোষ মুক্ত কৰিব বিচাৰিছে, তেন্তে লগত সদায় এডাল ময়ূৰৰ পাখি ৰাখক।
- Log in to post comments