বিধানসভাৰ শৰৎকালীন অধিৱেশনত কি কি বিধেয়ক গৃহীত হ'ল? জানো আহক সবিশেষ....

assembly

অন্ত পৰিল বিধানসভাৰ শৰৎকালীন অধিৱেশন। ২২ আগষ্টৰ পৰা ৩০ আগষ্টলৈ সৰ্বমুঠ পাঁচদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা বিধানসভাৰ অধিৱেশনত গৃহীত হ’ল কেইবাখনো বিশেষ বিধেয়ক। বিধানসভাৰ অধিৱেশনৰ প্ৰথম দিনটোৰ আটাইতকৈ চৰ্চিত বিষয়কেইটা আছিল স্মাৰ্ট মিটাৰৰ বিৰুদ্ধে বিধায়ক অখিল গগৈৰ প্ৰতিবাদ, ধিং কাণ্ড আৰু শিৱসাগৰৰ ঘটনা। ভূমি ক্ৰয়-বিক্ৰয় সম্পৰ্কীয় বিধেয়ক, চাহ বাগিচাত উন্নয়নৰ প্ৰসংগ আৰু মুছলিম বিবাহ আৰু বিচ্ছেদৰ প্ৰসংগই ঠাই পাইছিল সদনৰ মজিয়াত।

২৭ আগষ্ট অৰ্থাৎ শৰৎকালীন অধিৱেশনৰ দ্বিতীয়টো দিনত সদনত আক্ৰমণাত্মক ৰূপত দেখা পোৱা গৈছিল ৰাজ্যৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাক। মিঞা মুছলমানক অসম ল’বলৈ নিদিও বুলি হুংকাৰ মুখ্যমন্ত্ৰীৰ। 'জোৰ-জবৰদস্তি কৰি উজনি অসমত যোৱাৰ চেষ্টা নকৰিব মিঞা মুছলমানে, মই কঠোৰ হ’মেই, আপোনালোকে কি কৰিব' বুলি একপ্ৰকাৰে বিধানসভাত আক্ৰমণাত্মক ৰূপত দেখা গৈছিল মুখ্যমন্ত্ৰী ডঃ শৰ্মাক।

ঠিক একেটা দিনতে অসম বিধানসভাৰ চৌহদত মহাভাৰতৰ প্ৰসংগ উথ্থাপন হৈছিল, ওলাল দ্ৰৌপদীৰ বস্ত্ৰহৰণৰ প্ৰসংগও। নাৰী নিৰ্যাতনৰ বিৰুদ্ধে সৰৱ বিধায়ক অখিল গগৈ। হাতত পোষ্টাৰ লৈ প্ৰতিবাদ কৰা দেখা পোৱা গৈছিল শিৱসাগৰৰ বিধায়কগৰাকীক।

ৰাজ্যত চলিছে দ্ৰৌপদীৰ বস্ত্ৰহৰণ!
নিৰ্বিকাৰ আধুনিক ধৃতৰাষ্ট্ৰ হিমন্ত বিশ্ব শৰ্মা!

নাৰীয়ে নিৰাপত্তা পাব কেতিয়া বুলি প্ৰশ্ন কৰিছিল বিধায়ক অখিল গগৈয়ে। আনফালে, বিধায়ক অখিল গগৈক উভতি ধৰিছিল মন্ত্ৰী পীয়ুষ হাজৰিকা আৰু বিধায়ক মানৱ ডেকাই। 
দুৰ্যোধনৰূপী ককায়েক অখিল গগৈ : পীয়ুষ হাজৰিকা

২৮ আগষ্ট, বিধানসভা অধিৱেশনৰ তৃতীয়টো দিন।  বিধানসভাত অসম চুক্তি ৰূপায়নক লৈ প্ৰশ্ন কংগ্ৰেছৰ । বিপ্লৱ শৰ্মাৰ প্ৰতিবেদন দাখিল কৰা হ’ল নে কেন্দ্ৰীয় চৰকাৰক? কেতিয়া সুৰক্ষিত হ’ব খিলঞ্জীয়াৰ অধিকাৰ বুলি প্ৰশ্ন বিৰোধীৰ। বিৰোধীৰ এনে প্ৰশ্নৰ উত্তৰ দি অসম চুক্তি ৰূপায়ণ মন্ত্ৰী অতুল বৰাই ক’লে– কংগ্ৰেছৰ সদিচ্ছাৰ অভাৱত ৰূপায়ন নহ’ল অসম চুক্তি।

২৯ আগষ্ট, বিধানসভা অধিৱেশনৰ চতুৰ্থটো দিন। সদনত গৃহীত হ’ল দুখনকৈ গুৰুত্বপূৰ্ণ বিধেয়ক। অসম ভূমি আৰু ৰাজহ নিয়ন্ত্ৰণ সংশোধনী আইন আৰু আছাম মুছলিম বিবাহ পঞ্জীয়ন বিধেয়ক।
আছাম লেণ্ড এন ৰেভিনিউ ৰেগুলেচন বিধেয়কৰ জৰিয়তে বৰপেটা আৰু বটদ্ৰৱাৰ ভূমি সুৰক্ষিত কৰাৰ ব্যৱস্থা গ্ৰহণ। এই দুই স্থানৰ লগতে মাজুলীকো সাঙুৰি লোৱাৰ চেষ্টা কৰিছিল যদিও কংগ্ৰেছে আপত্তি কৰাত মাজুলীক এই বিধেয়কৰ আওতাৰ পৰা আঁতৰাই ৰখা হয়। এই বিধেয়কখন উত্থাপন কৰি মুখ্যমন্ত্ৰীয়ে ক’লে– ‘মমডাল নুমুওৱাৰ আগতে আমি আৰু অলপ জ্বলি উঠিব বিচাৰিছোঁ’।

ঠিক একেদৰে বিলুপ্ত হ’ল কাজীৰ ব্যৱস্থা। এতিয়াৰে পৰা মুছলমান বিবাহ সম্পন্ন হ’ব উপ–পঞ্জীয়কৰ কাৰ্যালয়ত। ১ টকাৰ বিনিময়ত সম্পন্ন হ’ব মুছলমান বিবাহ। ‘আছাম মুছলিম বিবাহ পঞ্জীয়ন বিধেয়ক’ সদনত অনুমোদন হোৱাৰ পিছতেই মুখ্যমন্ত্ৰীয়ে ক’লে – এয়া বাল্য বিবাহ ৰোধৰ বাবে এক কঠোৰ পদক্ষেপ।

অৱশ্যে বিগত চাৰিটা দিনত এই গুৰুত্বপূৰ্ণ বিষয়সমূহৰ উপৰিও বিধানসভাত কেইজনমান বিধায়কক বিধানসভাৰ অধ্যক্ষই বহিস্কাৰ কৰাও দেখিবলৈ পোৱা গ’ল। তাৰ মাজতে চৰ্চাত থাকিল শিৱসাগৰৰ বিধায়ক অখিল গগৈ, বিধায়ক শ্বেৰমান আলী।

চতুৰ্থটো দিনত শিৱসাগৰৰ জিলা বিজেপিৰ সভাপতি ময়ূৰ বৰগোহাঁইক গ্ৰেপ্তাৰৰ দাবী তুলি সদনৰ পৰা বহিষ্কাৰ হৈছিল বিধায়ক শ্বেৰমান আলী। তাৰ পিছতেই শ্বেৰমান আলীৰ সমৰ্থনত সদনৰ বাহিৰত হাতে হাতে প্লেকাৰ্ড লৈ AIUDFৰ প্ৰতিবাদ। চতুৰ্থটো দিনত চৰ্চাত থাকিল মৰিগাঁৱৰ বিধায়ক ৰমাকান্ত দেউৰীও।

৩০ আগষ্ট, শুকুৰবাৰ। বিধানসভাৰ শৰৎকালীন অধিৱেশনৰ শেষৰটো দিনত প্ৰায় ৯০ বছৰীয়া ইতিহাসৰ অন্ত পেলাই অন্তিমবাৰৰ বাবে দেখা পোৱা গ’ল নামাজ বিৰতি। এতিয়াৰে পৰা বিধানসভাত নামাজৰ বাবে নাথাকিব বিৰতি। ৰুল নং ১১ সংশোধন কৰি নামাজৰ বাবে থকা বিৰতিৰ বিলুপ্তি ঘটাই বিধানসভাত ঐতিহাসিক সিদ্ধান্ত।

বিধেয়ক আহিল, গৃহীতও হ’ল। শাসক–বিৰোধীৰ বাক–বিতণ্ডাৰ মাজতে অন্ত পৰিল বিধানসভাৰ অধিৱেশন। পিছে তাৰ মাজতো সাধাৰণ জনতাৰ মাজতো ৰৈ গ’ল বহু প্ৰশ্ন। মিঞাক বাধা দি খিলঞ্জীয়াৰ ভূমি ৰক্ষা সম্ভৱনে? ভূমি আইন সংশোধনী বিধেয়কে খিলঞ্জীয়াৰ অস্তিত্ব ৰক্ষা কৰিব পাৰিবনে? মুছলমানবিৰোধী আইনে ৰোধ কৰিব পাৰিবনে বাল্য বিবাহক? অৱশ্যে উত্তৰসমূহৰ বাবে অপেক্ষা কৰিব লাগিব পৰৱৰ্তী সময়লৈ। 

Category