বাংলাদেশত অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠনৰ পিছতো সংখ্যালঘু হিন্দুৰ ওপৰত অত্যাচাৰ, নিৰ্যাতন অব্যাহত.....

bangladesh

বাংলাদেশত অন্তৰ্ৱৰ্তীকালীন চৰকাৰ গঠনৰ পিছতো সংখ্যালঘু হিন্দুৰ ওপৰত অত্যাচাৰ, নিৰ্যাতন অব্যাহত আছে। বাংলাদেশৰ খুলনা জিলাৰ কাটিপাৰাত হিন্দুৰ ওপৰত চলিছে ভয়ংকৰ আক্ৰমণ। মৌলবাদীয়ে হিন্দুৰ এলেকাত প্ৰৱেশ কৰি কেইবাটাও ঘৰত অগ্নিসংযোগ কৰে। হিন্দুৰ ঘৰ–বাৰী জ্বলাই দিয়াৰ ওপৰি তেওঁলোকৰ সম্পত্তিও লুটপাত কৰাৰ অভিযোগ উত্থাপিত হৈছে।

ইপিনে শনিবাৰেও বাংলাদেশত অব্যাহত আছে প্ৰতিবাদ। প্ৰতিবাদকাৰীয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পদত্যাগৰ দাবীত সৰ্বোচ্চ ন্যায়ালয় ঘেৰাও কাৰ্যসূচী পালন কৰে।  শিক্ষাৰ্থীৰ প্ৰতিবাদত সেও মানি পদত্যাগ কৰে মুখ্য ন্যায়াধীশে। প্ৰতিবাদকাৰীয়ে সৰ্বোচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ বিৰুদ্ধে শ্বেইখ হাছিনা চৰকাৰৰে মিলি থকাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। 

বাংলাদেশৰ এই পৰিস্থিতিৰ মাজতে ঢাকাত হিন্দুৰ জাগৰণ মঞ্চৰ সহস্ৰাধিক সমৰ্থকে নিৰ্যাতন, অত্যাচাৰ, হত্যালীলাৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। ঢাকাৰ চাহবাগ চ’কত সহস্ৰাধিক হিন্দু নাগৰিকে ‘হৰে কৃষ্ণ, হৰে ৰাম’ শ্ল’গান দি উত্তাল কৰি তোলে পৰিৱেশ। ঢাকাৰ সমীপৱৰ্তী দিনাজপুৰত উগ্ৰ জনতাই সংখ্যালঘু হিন্দুৰ ৪ খনকৈ গাঁও জ্বলাই দিয়াৰ পাছত প্ৰতিবাদমুখৰ হৈ পৰিছে হিন্দু দল–সংগঠন।

বাংলাদেশত নতুন চৰকাৰক সংখ্যালঘু মন্ত্ৰালয়, সংখ্যালঘু আয়োগ, সংখ্যালঘুৰ ওপৰত আক্ৰমণৰ বিৰুদ্ধে কঠোৰ আইন প্ৰণয়নকে ধৰি সংসদত সংখ্যালঘুৰ বাবে ১০% আসন সংৰক্ষণৰ দাবী উত্থাপন কৰে হিন্দু জাগৰণ মঞ্চই। ক্ষতিগ্ৰস্ত হিন্দু এলেকা আৰু মঠ–মন্দিৰ ধ্বংস কৰা কাৰ্যৰ বিৰুদ্ধে উপযুক্ত ক্ষতিপূৰণ দাবী কৰে বাংলাদেশৰ হিন্দু দল–সংগঠনে। বাংলাদেশৰ এই পৰিস্থিতিৰ বাবে ক্ৰমাৎ ধৰ্মীয় উত্তেজনা বৃদ্ধি পোৱাৰ বাতৰি সম্প্ৰতি ভাইৰেল হৈছে ছ’ছিয়েল মিডিয়াতো।  
 

Category