এইবাৰ চুৰিকাণ্ডত নামিল বিধায়ক পুত্ৰ! বিধায়ক নুৰুল হুদাৰ নিৱাসত আৰক্ষীৰ অভিযান....

assam

ৰূপহীহাটৰ বিধায়ক নুৰুল হুদাৰ পুত্ৰৰ বিৰুদ্ধে অভিযোগ। তেল চুৰি চক্ৰৰ অভিযোগত অভিযুক্ত বিধায়ক নুৰুল হুদাৰ পুত্ৰ ৰেজাউল হুদা ফৰাজী। বিধায়ক পুত্ৰ ৰেজাউল হুদা ফৰাজীক বিচাৰি নগাঁও আৰক্ষীৰ অভিযান। দিছপুৰৰ বিধায়ক আৱাসত শনিবাৰে নিশা চলালে অভিযান। 

জানিব পৰা মতে, আৰক্ষীৰ অভিযানৰ পূৰ্বে বিধায়ক আৱাস এৰি পলাল ৰেজাউল হুদা। তেল চুৰ চক্ৰৰ মাষ্টাৰ মাইণ্ড ৰেজাউল বাহৰ পাতিছিল বিধায়ক আবাসত। আমছুৰ কলিয়াবৰ জিলাৰ সভাপতি আছিল ৰেজাউল হুদা ফৰাজী

উল্লেখ্যে যে শনিবাৰে কলিয়াবৰত উৎখাত হৈছিল তেল চুৰি চক্ৰ। কলিয়াবৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা তেল চোৰৰ গেঙটোত আছিল পাঁচ সদস্য। সদস্য কেইজন ক্ৰমে, তেজপুৰ কছাৰী পামৰ আলম আলি, তেজপুৰৰ ভোমোৰাগুৰিৰ আব্দুল খলিল, বাগৰিৰ জামালউদ্দিন, বাগৰি হাৰমতিৰ তাহেৰ আলি আৰু চামগুৰি খলিহামাৰীৰ ইব্ৰাহিম আলি গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে।

আনহাতে, তেল চুৰি চক্ৰটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছিল দুখন বিলাসী বাহন আৰু নগদ ১ লাখ টকা। তেল চুৰি চক্ৰটোৱে ব্যৱহাৰ কৰা AS-12AA-2648 নম্বৰৰ চুইফ্ট বাহন আৰু AS-12AE-8977 নম্বৰৰ কিয়া বাহন জব্দ কৰে আৰক্ষীয়ে। ৫ অভিযুক্তক জেৰা অব্যাহত ৰাখিছে আৰক্ষীয়ে।

Category