ওৰে নিশা চুলিত তেল লগাই ৰখাটো আমাৰ চুলিখিনিৰ বাবে উপকাৰী নে অপকাৰী? জানো আহক.....

hair oiling

অতীতৰে পৰা চুলি মজবুত কৰিবলৈ তেলেৰে মূৰ মালিচ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে। লগতে আমি প্ৰায়ে আমি আমাৰ আইতাহঁতৰ মুখত শুনি আহিছো যে, ৰাতি চুলিত তেলেৰে মালিচ কৰিলে চুলিৰ পুষ্টি আৰু গুৰি মজবুত হয় ।  ইয়াৰ ফলত চুলি ক’লা আৰু ডাঠ হৈ থাকে।  

কিন্তু প্ৰশ্ন হয় যে চুলিত ৰাতি তেল লগালে আমাৰ চুলিয়ে উপকাৰিতা লাভ কৰেনে?

চুলি সুস্থ আৰু চিকচিকিয়া কৰি ৰাখিবলৈ চুলিত তেল লগাব লাগে। কিছুমানে চুলিত তেল এঘন্টাৰ পৰা দুঘণ্টা লগাই তাৰ পিছত শ্বেম্পু লগায়, আন কিছুমানে ৰাতিটোৰ বাবে তেল লগাই থৈ পিছদিনা চেম্পু কৰি দিয়ে।

উপকাৰসমূহ –
১. চুলিত তেল প্ৰয়োগ কৰি ৰাতি শুই থাকিলে চুলিয়ে ভাল পুষ্টি লাভ কৰে। গতিকে নাৰিকল, জলফাই আৰু বাদামৰ তেল ব্যৱহাৰ কৰিব পাৰে। তেতিয়া চুলিবোৰ ৰেচমী আৰু চিকচিকিয়া দেখা যাব।

২. ৰাতি চুলিত তেল লগালে মূৰৰ ছালৰ সমস্যা দূৰ হয় আৰু ৰক্ত সঞ্চালন বৃদ্ধি পায়। তেল লগালে মূৰৰ ছালৰ আদ্ৰত কমি যায়।

৩. তেলে চুলি বৃদ্ধিত সহায় কৰে বুলি কোনো প্ৰমাণ পোৱা নাযায়। অৱশ্যে নিশাটোৰ বাবে চুলিত তেল প্ৰয়োগ কৰিলে নিশ্চিতভাৱে চুলিৰ স্বাস্থ্য উন্নত হ’ব পাৰে।

অপকাৰিতাসমূহ –
১. নিশাটো চুলিত তেল লগাই শুলে শালমণৰ সমস্যাই দেখা দিব পাৰে।

২. ঘাঁম আৰু তেলৰ ফলত চুলিত অন্য কিছুমান সমস্যাৰ সৃষ্টি হ’ব পাৰে।

Category