অতীতৰে পৰা চুলি মজবুত কৰিবলৈ তেলেৰে মূৰ মালিচ কৰাটো অতি গুৰুত্বপূৰ্ণ বুলি গণ্য কৰা হৈছে। লগতে আমি প্ৰায়ে আমি আমাৰ আইতাহঁতৰ মুখত শুনি আহিছো যে, ৰাতি চুলিত তেলেৰে মালিচ কৰিলে চুলিৰ পুষ্টি আৰু গুৰি মজবুত হয় । ইয়াৰ ফলত চুলি ক’লা আৰু ডাঠ হৈ থাকে।
কিন্তু প্ৰশ্ন হয় যে চুলিত ৰাতি তেল লগালে আমাৰ চুলিয়ে উপকাৰিতা লাভ কৰেনে?
চুলি সুস্থ আৰু চিকচিকিয়া কৰি ৰাখিবলৈ চুলিত তেল লগাব লাগে। কিছুমানে চুলিত তেল এঘন্টাৰ পৰা দুঘণ্টা লগাই তাৰ পিছত শ্বেম্পু লগায়, আন কিছুমানে ৰাতিটোৰ বাবে তেল লগাই থৈ পিছদিনা চেম্পু কৰি দিয়ে।