ছাত্ৰ ছাত্ৰীৰ মূৰত মাধমাৰ! অভাৱনীয় হাৰত বৃদ্ধি স্নাতকৰ নামভৰ্তিৰ মাচুল, ক'ত কিমান মাচুল বৃদ্ধি হ'ল? জানো আহক.....

college

ধাৰৰ বোজা পাতলাব পৰা নাই ৰাজ্য চৰকাৰে। সকলো স্তৰত বৃদ্ধি কৰা হৈছে কৰ, মাচুল ইত্যাদি। এইবাৰ ছাত্ৰ ছাত্ৰীৰ মূৰত মাধমাৰ চৰকাৰৰ। অভাৱনীয় হাৰত বৃদ্ধি হ'ল স্নাতকৰ নামভৰ্তিৰ মাচুল। ক'ত কিমান মাচুল বৃদ্ধি হ'ল? জানো আহক 

ছাত্ৰ ছাত্ৰীৰ মূৰত চৰকাৰৰ মাধমাৰ! অভাৱনীয় হাৰত বৃদ্ধি হ'ল স্নাতকৰ নামভৰ্তিৰ মাচুল। ১০০% ত কৈ অধিক বৃদ্ধি হৈছে নাম ভৰ্তিৰ মাচুল। চৰকাৰৰ এনে সিদ্ধান্তই বিবুধিত পেলাইছে ছাত্ৰ ছাত্ৰী তথা অভিভাৱকক। 

উল্লেখ্য যে, কিছুদিন পূৰ্বে সেৱা মাচুল বৃদ্ধি পিছত এইবাৰ চৰকাৰে বৃদ্ধি কৰিছে স্নাতকৰ নামভৰ্তিৰ মাচুল। শিক্ষাৰ্থীৰ মূৰত মাধমাৰ সোধাই চৰকাৰে ১০০% তকৈ হাৰত বৃদ্ধি কৰিছে স্নাতকৰ নামভৰ্তিৰ মাচুল। কলা, বানিজ্য শাখাত নামভৰ্তিৰ মাচুল ৪,০৬০ ৰ পৰা বৃদ্ধি হ'ল ৭,১৮০ লৈ। বিজ্ঞান শাখাৰ মাচুল ৪,৯৬০ ৰ পৰা বৃদ্ধি হ'ল ৭,৪৮০ লৈ 

সেই অনুসৰি, কলা শাখাত বাঢ়িল ৩০৮০ আৰু বিজ্ঞান শাখাত বাঢ়িল ২৫২০ কৈ।

আনহাতে,  কেইবাটাও বিভাগত পূৰ্বতে মাচুল দিব লগীয়া হোৱা নাছিল। কিন্তু এইবাৰ চৰকাৰে সেই বিভাগ সমূহতো মাচুল ধাৰ্য কৰিছে। বিজ্ঞান শাখাৰ লেবৰেটৰীত পূৰ্বতে মাচুল দিব লগীয়া হোৱা নাছিল। এইবাৰ বিজ্ঞান শাখাৰ লেবৰেটৰীত মাচুল ধাৰ্য কৰা হৈছে ২০০ টকা 

আনহাতে, বিদ্যুতৰ মাচুলৰ নামত পূৰ্বৰ ৩০০ ৰ পৰিবৰ্তে ৩৫০ আৰু ৪০০ লৈ বৃদ্ধি কৰা হৈছে। উল্লেখযোগ্য যে, BPL কাৰ্ড থকা পৰিয়ালৰ ছাত্ৰ ছাত্ৰীৰ নামভৰ্তি বিনামূলীয়া হ'ব বুলি ঘোষণা কৰিছিল চৰকাৰে।

সেই অনুসৰি,  ১৫০ কোটি টকা মুকলাই দিছে চৰকাৰে! এনে পৰিস্থিতিত স্নাতকৰ নামভৰ্তিৰ মাচুল বৃদ্ধিৰ প্ৰসংগই বিবুধিত পেলাইছে শিক্ষাৰ্থী, অভিভাৱকৰ মাজত।

Category