যোৱা কেইবাদিনো ধৰি ৰাজ্যত নেৰানেপেৰা বৰষুণ। বৰষুণৰ ফলত কেইবাঠাইতো বানপানীৰ সৃষ্টি হৈছে। প্ৰতিকুল বতৰৰ প্ৰতি লক্ষ্য ৰাখি বতৰ বিজ্ঞান কেন্দ্ৰই ৰাজ্যজুৰি জাৰি কৰিছে ৰে'ড এলাৰ্ট আৰু কিমান দিনলৈ এনেদৰে থাকিব বতৰ?
অসমৰ লগতে উত্তৰ পূৰ্বাঞ্চলত বতৰে ধাৰণ কৰিছে সংহাৰী ৰূপ। অসম আৰু মেঘালয়ত ৰেড এলাৰ্ট জাৰি কৰিছে গুৱাহাটীৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। অহা ১৮,১৯ আৰু ২০ জুনতো হ’ব মূষলধাৰ বৰষুণ।
উল্লেখ্য যে, আজি পুৱাৰে পৰা সমগ্ৰ ৰাজ্যত প্ৰবল বৃষ্টিপাত হোৱা দেখিবলৈ পোৱা গৈছে। আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ মতে, অহা ১৮,১৯ আৰু ২০ জুনত অসম আৰু মেঘালয়ত প্ৰবল বৃষ্টিপাত হোৱাৰ সম্ভাৱনা আছে। অৰ্থাৎ ৰাজ্যত আগন্তুক ৩ দিনলৈ বতৰ অপৰিৱৰ্তিত হৈ থকাৰ পূৰ্ণ সম্ভাৱনা আছে।
- Log in to post comments