পাঠদান চলি থকাৰ মাজতে উভালি পৰিল প্ৰকাণ্ড গছ, কথমপি প্ৰাণ ৰক্ষা ছাত্ৰছাত্ৰীসকলৰ......

dhubri

সৌভাগ্যক্ৰমে ৰক্ষা পৰিল ধুবুৰীৰ এখন বিদ্যালয়ৰ ছাত্ৰছাত্ৰী। ধুবুৰী চহৰৰ মাজমজিয়াত থকা ব্যক্তিগত খণ্ডৰ বিদ্যালয় SP English medium ত পাঠদান চলি থকাৰ সময়তে বিদ্যালয়খনৰ গেটৰ সন্মুখত উভালি পৰিল এজোপা  প্ৰকাণ্ড গছ।

ফলত যানবাহন চলাচল বন্ধ হৈ পৰে আৰু ছাত্ৰছাত্ৰীসকলৰ অবিভাৱকসকলৰ মাজত এক প্ৰকাৰ হুৱাদুৱাৰ সৃষ্টি হয়। নিশা হোৱা মুষলধাৰ বৰষুণৰ ফলত গছজোপা এনেদৰে উভালি পৰে বুলি সকলোৱে ধাৰণা কৰিছে।

লক্ষণীয় যে, এই প্ৰকাণ্ড গছজোপা উভালি পৰাৰ সময়ত সৌভাগ্যক্ৰমে বিদ্যালয়খনৰ ছাত্ৰছাত্ৰীসকল শ্ৰেণী কোঠাৰ ভিতৰত আছিল, যাৰ বাবে ৰক্ষা পৰিল বিদ্যালয়খনৰ ছাত্ৰছাত্ৰীসকল।

আনহাতে, প্ৰকাণ্ড গছজোপা বিদ্যালয়ৰ গেটৰ সন্মুখত উভালি পৰাৰ পিছত বিদ্যালয়খনৰ কতৃৰ্পক্ষই ধুবুৰী প্ৰশাসনৰ লগত যোগাযোগ কৰে।

Category