Walk Benifits: আপোনাৰ শৰীৰৰ বাবে প্ৰাতঃভ্ৰমণ বেছি উপকাৰী নে সান্ধ্য ভ্ৰমণ?.....

walking

নিতৌ খোজকঢ়াটো আমাৰ শৰীৰৰ বাবে আটাইতকৈ উপযোগী। গতিকে আজি জানো আহক আপোনাৰ শৰীৰৰ বাবে প্ৰাতঃভ্ৰমণ বেছি উপকাৰী নে সান্ধ্য ভ্ৰমণ?

পুৱাৰ বেলিৰ পোহৰ আমাৰ শৰীৰৰ বাবে খুবেই প্ৰয়োজন। সূৰ্যৰ পোহৰ যেতিয়া আমাৰ শৰীৰত পৰে তেতিয়া গোটেই দিনটো কাম কৰাৰ ক্ষমতা বাঢ়ি যায়, টোপনি ভাল হয়, মনটোও উৎফুল্লিত হৈ থাকে, টেনচন আৰু মানসিক চাপ কমি যায়।

walking

পুৱা আৰু সন্ধিয়া খোজকঢ়াৰ দুয়োৰে বিভিন্ন লাভ আছে -

প্ৰাতঃভ্ৰমণ কৰিলে কি কি লাভ হয়?

১. প্ৰাতঃভ্ৰমণে শৰীৰৰ মেটাবলিজম প্ৰক্ৰিয়া আৰম্ভ কৰাত সহায় কৰে যিয়ে সমগ্ৰ দিনটো আৰু অধিক কেলৰি বাৰ্ণ কৰাত সহায় কৰে।

২. পুৱাৰ সূৰ্যৰ পোহৰ যেতিয়া শৰীৰত পৰে তেতিয়া গোটেই দিনটো কাম কৰাৰ ক্ষমতা বাঢ়ি যায়, টোপনি ভাল হয়, মনটোও উৎফুল্লিত হৈ থাকে, টেনচন আৰু মানসিক চাপ কমি যায়।

৩. পুৱা খোজ কাঢ়িলে ৰক্ত সঞ্চালন বৃদ্ধি হয়। ইয়াৰ ফলত মগজুলৈ অক্সিজেনৰ যোগানো বৃদ্ধি পায় আৰু সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা আৰু স্বচ্ছতা বৃদ্ধি পায়।

৪. ৰাতিপুৱা বায়ু প্ৰদূষণৰ মাত্ৰাও কম।ফলত পৰিষ্কাৰ আৰু সতেজ পৰিৱেশত ৰাতিপুৱা খোজ কাঢ়িব পাৰি।

সান্ধ্যভ্ৰমণ কৰিলে কি কি লাভ হয়?

১. গোটেই দিনটোৰ ব্যস্ততাৰ অন্তত আবেলি খোজ কাঢ়িলে বহু সময় জিৰণি লোৱাৰ সুযোগ পোৱা যায়। ফলত ৰাতি টোপনি ভাল হয়।

২. আবেলি বা সন্ধিয়া খোজ কাঢ়িলে মানসিক অৱসাদ দূৰ হয়। 

৩. আবেলি বা সন্ধিয়া খোজ কাঢ়িলে কামৰ হেঁচাৰ পৰা ব্যক্তিগত জীৱনৰ চিন্তালৈ পৰিৱৰ্তন হোৱাত সহায় কৰে।

লগতে, ৰাতি আহাৰৰ পিছত খোজকাঢ়িলে হজম শক্তি বঢ়োৱাত সহায় কৰে। লগতে পেট ফুলা, এচিডিটি আদি সমস্যাৰ পৰা শীঘ্ৰেই আৰাম পোৱা যায়।


 

Category