"নামনি অসমৰ লোক ‘ভিক্ষাৰী’" মন্তব্য মৃণাল শইকীয়াৰ, বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল....

mrinal saikia

খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ বিৰুদ্ধে এজাহাৰ
এজাহাৰ দাখিল বঙাইগাঁৱৰ অভয়াপুৰী থানাত
শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ সম্পাদকৰ দাখিল এজাহাৰ
বিধায়কগৰাকীৰ বিৰুদ্ধে নামনি অসমক অপমানৰ অভিযোগ
নামনি অসমৰ লোকক ‘ভিক্ষাৰী’ বুলি কৰিছিল মন্তব্য
উজনি অসমৰ বাবেহে নামনি অসমৰ লোক চলি আছে বুলিও মন্তব্য
মৃণাল শইকীয়াৰ মন্তব্যই উজনি-নামনিৰ সংঘাত সৃষ্টিৰ আশংকা


মৃণাল শইকীয়াৰ এনে অপমানসূচক মন্তব্যৰ বিৰুদ্ধে শ্ৰীমন্ত শংকৰদেৱ যুৱ মঞ্চৰ বঙাইগাঁও জিলা সমিতিৰ সম্পাদকে দাখিল কৰে এজাহাৰ। মৃণাল শইকীয়াই নামনি অসমৰ ইতিহাস নাজানে বুলিও মন্তব্য কৰে সম্পাদকৰাকীয়ে। বিধায়ক গৰাকীৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ নকৰা পৰ্যন্ত ক্ষান্ত নেথাকে বুলি হুংকাৰ জিলা পৰ্যায়ৰ নেতাগৰাকীৰ।

Category