ঔটেঙাৰ পৰা পুষ্টিকৰ পাউদাৰ প্ৰস্তুতৰ ওপৰত অসম কৃষি বিশ্ববিদ্যালয়ৰ বুজাবুজিৰ চুক্তি স্বাক্ষৰ....

assam

ঔটেঙাত থকা অতি প্রয়োজনীয় খাদ্য উপাদান সম্পৰ্কত গৱেষণাৰ জৰিয়তে অসম কৃষি বিশ্ববিদ্যালয় বিজ্ঞানীয়ে উদ্ভাৱন কৰা প্ৰযুক্তিৰ ওপৰত আজি এক বুজাবুজি চুক্তি স্বাক্ষৰিত হয়। অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ড: সঞ্জয় কুমাৰ চেতিয়াৰ উদ্যোগত কৃষি গৱেষণা সঞ্চালকালয়ৰ সভাগৃহত আয়োজিত এক বিশেষ অনুষ্ঠানত গুৱাহাটীৰ  "আৰ টু ডব্লিউ বায় শ্বলিউশ্যন এণ্ড ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড" ৰ সৈতে এই বুজাবুজিৰ চুক্তি স্বাক্ষৰ হয়। 

চুক্তিৰ জৰিয়তে বিশ্ববিদ্যালয়ে এই কোম্পানীটোক নিদিষ্ট চৰ্তত প্ৰযুক্তি কৌশল হস্তান্তৰ কৰে। ইতিমধ্যে ঔ টেঙাৰ উপাদান সমৃদ্ধ খাদ্যাভ্যাসে অসমীয়াৰ পৰম্পৰাগত জলপানৰ ক্ষেত্রত নতুনত্ব প্রদানৰ উপৰি সু-স্বাস্থ্যৰ দিশতো ইতিবাচক সম্ভাৱনা বহন কৰা সময়তে এই চুক্তিৰ জৰিয়তে ঔ টেঙাৰ পাউদাৰৰ জৰিয়তে সৰ্বসাধাৰণ অধিক উপকৃত হ'ব বুলি আশা কৰা হৈছে।  

অসম কৃষি বিশ্ববিদ্যালয়ৰ উদ্যান শস্য বিভাগৰ অন্তর্গত খাদ্য বিজ্ঞান আৰু প্রযুক্তিবিদ্যা বিভাগৰ সহকাৰী অধ্যাপিকা ড: মানসী দাস পুৰকায়স্থৰ নেতৃত্বত গৱেষক শিক্ষাৰ্থীৰ দলে এই প্রযুক্তি কৌশল উদ্ভানন কৰিছিল। এই উপলক্ষে উদ্ভাৱক ড: মানসী দাস পুৰকায়স্থই আত ধৰা অনুষ্ঠানটোত বক্তব্য আগবঢ়াই কৃষি গৱেষণা সঞ্চালক ড: চেতিয়াই যথোপযুক্ত প্ৰযুক্তি কৌশলৰ জৰিয়তে কৃষি উদ্যোগী সকলে অধিক লাভান্বিত হৈ কৃষি অৰ্থনীতিৰ সামগ্ৰিক বিকাশৰ অংশীদাৰ হ'ব পাৰে বুলি উল্লেখ কৰি পৰীক্ষাগাৰৰ পৰা সৰ্বসাধাৰণৰ মাজলৈ প্ৰযুক্তি কৌশল হস্তান্তৰৰ জৰিয়তে অসমৰ কৃষিৰ সামগ্ৰিক ৰূপৰেখাই সলনি কৰিব পৰা যাব বুলি প্ৰকাশ কৰে। 

অনুষ্ঠানত "আৰ টু ডব্লিউ বায় শ্বলিউশ্যন এণ্ড ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড"ৰ হৈ সঞ্চালক ভৱসিন্ধু শইকীয়াই এই চুক্তিত স্বাক্ষৰ কৰে। চুক্তি স্বাক্ষৰ অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ সহযোগী কৃষি গৱেষণা সঞ্চালক ড: মৃণাল শইকীয়া,সহযোগী সম্প্ৰসাৰণ শিক্ষা সঞ্চালক ড: ৰঞ্জিত কুমাৰ সাউদ,সামুহিক বিজ্ঞান গুৰু ড: মামণি দাস, বিশ্ববিদ্যালয়ৰ বৌদ্ধিক সম্পত্তিৰ অধিকাৰ (IPR) কোষৰ সদস্য সচিব অধ্যাপিকা গাৰ্গী শৰ্মা আৰু আৰ টু ডব্লিউ বায় শ্বলিউশ্যন এণ্ড ইঞ্জিনিয়াৰিং প্ৰাইভেট লিমিটেড"ৰ সঞ্চালক নিপন কুমাৰ ডেকা উপস্থিত থাকে।

Category