কলডিলৰ ফুল আমাৰ স্বাস্থ্যৰ বাবে কিমান উপযোগী জানো আহক....

banana

কলডিল সকলোৰে পৰিচিত। প্ৰায় সকলো মানুহেই এই পাচলিবিধ খায় ভাল পায়। কলডিলৰ উপৰিও ইয়াৰ ফুলৰো বহু উপকাৰী গুণ আছে। কলডিলৰ ফুলত প্ৰটিন, ফাইবাৰ, ভিটামিন এ, চি, ফছফৰাছ, পটাছিয়াম আদি পোৱা যায়। 

কলডিলৰ ফুল আমাৰ স্বাস্থ্যৰ বাবে কিমান উপযোগী জানো আহক-
  
১/ কলডিলৰ ফুল বৃক্ক ৰোগীৰ বাবে উপকাৰী। ইয়াৰ নেফ্ৰ’প্রটেক্টিভ এক্টিভিটি আছে যিয়ে বৃক্কক সুস্থ কৰি ৰখাত সহায় কৰাৰ লগতে বৃক্কৰ পাথৰৰ সমস্যা নিৰাময়তো সহায় কৰে।

২/ কলডিলৰ ফুলে ওজন হ্ৰাসতো সহায় কৰে। এই ফুলৰ দ্বাৰাও উচ্চ ৰক্তচাপো নিয়ন্ত্ৰণ কৰিব পাৰি। কলডিলৰ ফুলে এন্টি হাইপাৰটেনচিভ এজেণ্টৰ দৰে কাম কৰে যিয়ে উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰিব পাৰে।

৩/ কলডিলৰ ফুলে ডায়েবেটিছ নিয়ন্ত্ৰণত সহায় কৰে। ই শৰীৰত গ্লুক’জৰ মাত্ৰা হ্ৰাস কৰি তেজৰ চেনি নিয়ন্ত্ৰণত সহায় কৰে। 

৪/ কলডিলৰ ফুল স্বাস্থ্যৰ বাবে বহু উপকাৰী। ই আমাৰ শৰীৰৰ হৃদযন্ত্ৰ সুস্থ কৰি ৰাখিব পাৰি। কল ফুলৰ কাৰ্ডিঅ’ প্ৰটেকটিভ ইফেক্ট আছে।

৫/ কলডিলৰ ফুলে বি পি নিয়ন্ত্ৰণত ৰখাতো সহায় কৰে।

৬/  কলডিলৰ ফুল মহিলাৰ মাহেকীয়াৰ সময়ত হোৱা বিষত ইয়াক সেৱন কৰিলে পেটৰ ক্ৰেম্প কম হোৱাত সহায় কৰে। কলৰ ফুল প্ৰজেষ্টেন হৰম’ন নিয়ন্ত্ৰণ কৰি ৰক্তক্ষৰণৰ সময়ত হোৱা বিষ কমোৱাত সহায়ক হয়।

Category