গৰমৰ দিনকেইটাত হিট ষ্ট্ৰ'কৰ পৰা হাত সাৰিবলৈ কি কি কৰিব?....

Heart Attack

বিগত কিছু দিন ধৰি উৎকট গৰমে দহিছে সমগ্ৰ ৰাজ্যক। গৰমৰ দিনকেইটাত হাইড্ৰেটেত হৈ থকাটো খুবেই জৰুৰী। উৎকট গৰমৰ বাবেই বিভিন্ন ঠাইত বিভিন্ন ব্যক্তি অসুস্থ হৈ পৰাৰ খবৰ ইতিমধ্যেই আমি সকলোৱে পাইছোঁ।

অতিমাত্ৰা গৰমৰ বাবে হিট ষ্ট্ৰ'ক হোৱাৰ সম্ভাৱনা আৰু ২ গুণ বৃদ্ধি পোৱাৰ পৰিলক্ষিত হৈছে। গতিকে আজি জানো আহক -

হিট ষ্ট্ৰ'কৰ পৰা হাত সাৰিবলৈ কি কি কৰিব?

১. হিট ষ্ট্ৰ'কত আক্রান্ত হ'লে হঠাৎ লোকজন অস্থিৰ হৈ পৰাৰ লগতে অজ্ঞান হৈ পৰিব পাৰে। বমি বমি ভাব হোৱাৰ লগতে ডায়েৰিয়াজনিত সমস্যাৰ সৃষ্টি হ'ব পাৰে। সেয়েহে উৎকত গৰমত পুৱা ১০ বজাৰ পৰা ৪ বজালৈকে পাৰিলে ঘৰৰ বাহিৰলৈ ওলাব নালাগে। এই সময়ছোৱাত সম্ভৱ হ'লে শীত তাপ নিয়ন্ত্রিত পৰিৱেশত থকাৰ চেষ্টা কৰিব লাগে।

২. গৰমত শৰীৰত পানীৰ পৰিমাণ যাতে অটুট থাকে তাৰ ওপৰত গুৰুত্ব দিব লাগে।

৩. পৰাপক্ষত গৰম দিনকেইটাত পাতল আৰু ঢিলা পোছাক পৰিধান কৰিব লাগে। ঘাম শুহিব পৰা কাপোৰহে পিন্ধিব লাগে। এই সময়ছোৱাত টুপী আৰু ছানগ্লাছ ব্যৱহাৰ কৰাটো জৰুৰী।

৪. গৰমৰ দিনকেইটাত ঘৰৰ বাহিৰলৈ কর্মসূত্রে যাব লগা হ'লে শৰীৰটো ঠাণ্ডা ৰখাৰ ওপৰত গুৰুত্ব দিব লাগে। কাম কৰি থাকোঁতেই বিশ্রাম লোৱাটো জৰুৰী। কামৰ মাজত পানী খোৱাৰ অভ্যাস অটুট ৰাখক।

৫. হিট ষ্ট্ৰ'কৰ পৰা হাত সাৰিবলৈ নেমু, ডাবৰ পানী আদি প্ৰচুৰ পৰিমাণে খাব লাগে। তদুপৰি গৰম দিনকেইটাত বিভিন্ন ধৰণৰ সতেজ ফল-মূল খালে পুষ্টিৰ উপৰি শৰীৰ ঠাণ্ডা কৰি ৰখাত সহায় কৰে। 

Category