বৃহস্পতিবাৰে নিশাৰ ভাগত হাৰিয়ানাৰ অম্বালাত সংঘটিত হয় এক ভয়ংকৰ বাছ দুৰ্ঘটনা। বৈষ্ণুদেৱী মন্দিৰলৈ যোৱাৰ পথতে এই দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি জানিব পৰা গৈছে।
এখন ট্ৰাকৰ সৈতে যাত্ৰীবাহী বাছখনৰ ভয়ানক সংঘৰ্ষ হয়। এই দুৰ্ঘটনাটোত ৭গৰাকী যাত্ৰীৰ কৰুণ মৃত্যু। দুৰ্ঘটনাটোত আহত হৈছে ২৫গৰাকী যাত্ৰী।
উল্লেখ্য যে, মৃত ৭গৰাকী ব্যক্তি একেটা পৰিয়ালৰে আছিল বুলি জানিব পৰা গৈছে। লগতে বাছখনত থকা যাত্ৰীসকলে মাতা বৈষ্ণুদেৱী মন্দিৰ দৰ্শনৰ বাবে গৈছিল। বাটত ভক্তৰে ভৰা এখন বাছ আৰু এখন ট্ৰাকৰ সংঘৰ্ষত বাছখন ছিন্নভিন্ন হৈ পৰে। আহত যাত্ৰীকেইজনক বৰ্তমান ওচৰৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হয়।
- Log in to post comments