Summer Skin Care Tips: গ্ৰীষ্মকালত আপুনি আপোনাৰ মুখৰ ছালখন কেনেকৈ সতেজ আৰু উজ্জ্বল কৰি ৰাখিব?....

skin care

গ্ৰীষ্মকালত মুখখনৰ উজ্জ্বলতা নোহোৱা হোৱাটো স্বাভাৱিক কাৰণ। এই বতৰত গৰম বায়ুৰ লগতে ধূলি আৰু প্ৰদূষণৰ ফলত মুখমণ্ডলত বেয়াকৈ প্ৰভাৱ পৰে। ইয়াৰ বাবে ছালখন শুকান আৰু নিৰ্জীৱ হৈ পৰে। গৰমৰ দিনত ছালৰ বিশেষ যত্ন লোৱাটো অতি প্ৰয়োজনীয়। 

আচলতে, জিলিকি থকা আৰু সতেজ ছালে কেৱল আত্মবিশ্বাস বৃদ্ধি কৰাই নহয়, ই আপোনাৰ ব্যক্তিত্বও বৃদ্ধি কৰে। গতিকে, জানো আহক -

skin care

 

গ্ৰীষ্মকালত আপুনি আপোনাৰ মুখৰ ছালখন কেনেকৈ সতেজ আৰু উজ্জ্বল কৰি ৰাখিব?

মুখ ধোৱা :

প্ৰথমে ফেচ ৱাশ্বেৰে মুখখন পৰিষ্কাৰ কৰক। ই ছালৰ পৰা মলি, তেল আৰু মেকআপ আঁতৰোৱাত সহায় কৰে আৰু ছালৰ ছিদ্ৰবোৰ বন্ধ কৰি দিয়ে। ইয়াৰ ফলত মুখত জিলিকনি আহিব।

এক্সফোলিয়েচন :

ইয়াৰ পিছত ছালখন এক্সফোলিয়েট কৰিব লাগে। ইয়াৰ বাবে আপুনি স্ক্ৰাব ব্যৱহাৰ কৰিব পাৰে। এক্সফোলিয়েচনে ছালৰ মৃত কোষবোৰ আঁতৰাই ছালৰ উন্নতি সাধন কৰে।

বিভিন্ন ধৰণৰ ফেচ মাস্ক :

১. ষ্ট্ৰবেৰী মাস্ক: ২-৩ টা ষ্ট্ৰবেৰী গুড়ি কৰি তাত কিছু মৌ দিব। এতিয়া এই পেষ্টটো মুখত লগাই ১৫ মিনিটৰ পিছত কুহুমীয়া পানীৰে ধুব।

২. কলৰ মাস্ক: পকা কল এটা গুড়ি কৰি তাত এচামুচ মৌ দিব। মুখত লগাই হাতেৰে বৃত্তৰ গতিৰে মালিচ কৰক। ইয়াৰ পিছত ১৫ মিনিটৰ পিছত মুখখন ধুব।

৩. অমিতা মাস্ক: পকা অমিতা গুড়ি কৰি তাত অলপ নেমুৰ ৰস দিব। মুখত লগাই ১৫ মিনিট ৰাখিব। তাৰ পিছত কুহুমীয়া পানীৰে ধুব।

৪. বিলাহী মাস্ক: এটা বিলাহী কাটি তাৰ আধা অংশ লৈ তাত অলপ চেনি মিহলাই মুখত বৃত্তাকাৰ গতিৰে মালিচ কৰক। ১৫ মিনিটৰ পিছত ছালখন ধুব লাগে।

মালিচ কৰা : 

ফলৰ মাস্ক লগোৱাৰ পিছত হাতেৰে বৃত্তাকাৰ গতিৰে মালিচ কৰিব। ই ৰক্ত সঞ্চালন বৃদ্ধি কৰে আৰু ছিদ্ৰ পৰিষ্কাৰ কৰে। ১৫ মিনিটৰ পিছত কুহুমীয়া পানীৰে মুখখন ধুব।

মইশ্ব'ৰাইজিং :

মুখখন ধোৱাৰ পিছত ভাল মইশ্ব’ৰাইজাৰ লগাব। ই ছালখনক হাইড্ৰেটেড আৰু কোমল কৰি ৰাখে। সপ্তাহত ২-৩ বাৰ এই ৰুটিন গ্ৰহণ কৰিলে আপুনি সতেজ আৰু উজ্জ্বল ছাল পাব পাৰে।

Category