অসমবাসীৰ বাবে সুখবৰ! চন্দ্ৰপৃষ্ঠত পানীৰ অৱস্থিতি সম্পৰ্কত গৱেষণাত ব্যস্ত অসমৰ কৃশাংগী.....

krisangi

অসমৰ মেধাৱী সন্তান কৃশাংগী কাশ্যপৰ সফলতা
সৰ্বশ্ৰেষ্ঠৰ দৌৰত IIT ইন্দোৰৰ ছাত্ৰী কৃশাংগী কাশ্যপ
স্নাতকোত্তৰ পৰীক্ষাত ৯.৪৫ CGPৰে টপাৰ কৃশাংগী
এষ্ট্ৰন’মী, এষ্ট্ৰ’ফিজিক্স স্পেছ ইঞ্জিনিয়াৰিঙৰ ছাত্ৰী
চন্দ্ৰপৃষ্ঠত পানীৰ অৱস্থিতি সম্পৰ্কত গৱেষণাত ব্যস্ত কৃশাংগী

উল্লেখযোগ্য যে যোৱা মাৰ্চ মাহত আমেৰিকাৰ টেক্সাছত NASAৰ উদ্যোগত অনুষ্ঠিত 55th Lunar and Planetary Science Conference (LPSC 55) 2024ত যোগদানৰ বাবে আই আই টি ইন্দোৰৰ Astronomy, Astrophysics and Space Engineeringৰ মেধাৱী ছাত্ৰী কৃশাংগী কাশ্যপে ভাৰতৰ পৰা সুযোগ লাভ কৰিছিল।

এক সাধাৰণ পৰিৱেশৰ পৰা আহি নিজৰ একাগ্ৰতাৰ বলেৰে পাঠশালাৰ ভট্টদেৱ বিশ্ববিদ্যালয়ৰ পৰা পদাৰ্থ বিজ্ঞানত সুখ্যাতিৰে স্নাতক ডিগ্ৰী লাভ কৰা কৃশাংগীয়ে পৰৱৰ্তী সময়ত ২০২২ চনৰ পৰা আই আই টি ইন্দোৰত Astronomy, Astrophysics and Space Engineering বিষয়ত স্নাতকোত্তৰ শ্ৰেণীত অধ্যয়ন আৰম্ভ কৰিছিল। এগৰাকী মহাকাশ বিজ্ঞানী হোৱাৰ প্ৰৱল ইচ্ছা কৃশাংগীৰ। বৰপেটাৰ কৃশাংগী কাশ্যপৰ এই সফলতাত উৎফুল্লিত হৈ পৰিছে ৰাজ্যবাসী।
 

Category