অসম তথা উত্তৰ-পূৰ্বাঞ্চলত বতৰে ধৰিছে কালৰূপ। প্ৰতি ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ গতিত ধুমুহা অহাৰ সম্ভাৱনা প্ৰকাশ কৰিছে বতৰ বিজ্ঞান কেন্দ্ৰই। অসমৰ লগতে উত্তৰ-পূবৰ বিভিন্ন ৰাজ্যত আগন্তুক কেইবা দিনলৈ ধাৰাসাৰ বৰষুণৰ সম্ভাৱনা।
উল্লেখ্য় যে, আগন্তুক ৫দিনলৈ উত্তৰ-পূবৰ কেইবাখনো জিলাত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে। আজি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত Yellow Alert জাৰি কৰাৰ লগতে আজি অসম আৰু মেঘালয়ত হ’ব পাৰে অতিপাত বৰষুণ।
২০ মে’ত অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নাগালেণ্ডত ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ গতিত আহিব পাৰে প্ৰচণ্ড ধুমুহা-বৰষুণ।
২১ মে’ত সমগ্ৰ উত্তৰ-পূবত Yellow Alert জাৰি কৰিছে। ২২ মে’ত অসম, মেঘালয়, ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নাগালেণ্ডত Yellow Alert জাৰি কৰিছে বতৰ বিজ্ঞান বিভাগে।
২৩ মে’ত ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নাগালেণ্ডত Yellow Alert জাৰি কৰিছে। আনহাতে, ২৪ মে’ত ত্ৰিপুৰা, মিজোৰাম, মণিপুৰ, নাগালেণ্ডত ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ গতিত আহিব পাৰে প্ৰচণ্ড ধুমুহা।
- Log in to post comments