চলিত বৰ্ষৰ প্ৰথমটো হজ যাত্ৰা! মক্কালৈ ৰাওণা অসমৰ ৩৬৬৫ হজযাত্ৰী....

hajj

আজি দিনৰ প্ৰায় ১০.৩০ বজাত গুৱাহাটী বিমানবন্দলৈ যাত্ৰা হজ যাত্ৰীসকল। অসমৰ পৰা প্ৰথনখন বিমানত ৩২৪ হজযাত্ৰী যাব জিড্ডা লৈ। গুৱাহাটীৰ পৰা জিড্ডা লৈ যাব প্ৰথনখন বিমান। 

hajj

এই বছৰ অসম তথা উত্তৰ পূবৰ পৰা মুঠ ৩৯৩৭ গৰাকীয়ে হজ যাত্ৰাৰ বাবে আবেদন কৰিছিল। ইয়াৰে অসমৰ হজ যাত্ৰী ৩ হাজাৰৰো অধিক।

উল্লেখ্য যে, এইবেলি উত্তৰ-পূৰ্বাঞ্চলৰ পৰা পবিত্ৰ হজ সমাপনৰ বাবে চৌদি আৰৱৰ মক্কালৈ ৰাওনা হ'ব ৩৭০৮ জন হজযাত্ৰী, ইয়াৰে ৩৬৬৫ জন লোক হৈছে অসমৰ হজযাত্ৰী।

hajj

১৬ মে' পৰা ২৫ মে' লৈ মক্কালৈ ৰাওনা হ'ব হজযাত্ৰী সকল।

আনহাতে, মক্কাত হজৰ সময়ছোৱাত অসমৰ স্বাভিমান গামোচা ডিঙিত আঁৰি লোৱাটো বাধ্যতামূলক কৰিছে অসম হজ কমিটিয়ে। ৪২ দিনৰ অন্তত উত্তৰ পূৰ্বাঞ্চলৰ হজযাত্ৰী সকলে মক্কাৰ পৰা গুৱাহাটীলৈ কৰিব ওভতনি যাত্ৰা।

আজি সন্ধিয়া ৬ বজাত বৰঝাৰ বিমানবন্দৰ পৰা পোনে পোনে জিকদ্দা বিমানবন্দৰ লৈ যাব আৰু তাৰ পৰা মক্কা লৈ যাব।

Category