
জন্ম হ'লে মৃত্যু অনিবাৰ্য, এইটোৱে চিৰন্তন সত্য। কিন্তু যদি কোনো জীৱৰ কেতিয়াও মৃত্যু নহয়, এয়া সম্ভৱনে? হয়তো অমৰত্বৰ লাভ কৰাটো মানুহৰ বাবে সম্ভৱপৰ নহয়, তথাপি বিজ্ঞানীসকলৰ মতে, এয়া সম্ভৱ হৈ উঠিছে এটা সৰু জীৱৰ বাবে।
অমৰত্ব লাভ কৰা এই সৰু জীৱটোৰ নাম হৈছে জেলিফিছ। জেলিফিছ।প্ৰাণীবিজ্ঞানীসকলৰ বাবে ইয়াক Turritopsis dohrnii বুলি জনা যায়। এই সৰু প্ৰজাতিৰ জেলিফিছক এটা বিশেষ বৈশিষ্ট্যৰ বাবে ‘অমৰ জেলিফিছ’ বুলি জনা যায়।

উল্লেখ্য যে, জেলিফিছয়ে হৈছে পৃথিৱীৰ একমাত্ৰ প্ৰাণী, যি কেতিয়াও মৰি নাযায়। এই জীৱবিধৰ বৈশিষ্ট্য হ’ল ই পৰিপক্ক হোৱাৰ পিছত পুনৰ প্ৰথম পৰ্যায়লৈ ঘূৰি আহে। ইয়াৰ পিছত ইয়াৰ পুনৰ বিকাশ ঘটে। এই প্ৰক্ৰিয়া অহৰহভাৱে চলি থাকে। গতিকে জৈৱিকভাৱে এই জেলিফিছ কেতিয়াও মৰি নাযায়। ইয়াক Immortal Jellyfish বুলিও কোৱা হয়।

জেলিফিছৰ শৰীৰৰ সকলো কোষকে নতুন কোষলৈ ৰূপান্তৰিত কৰে, আৰু বয়স সম্পূৰ্ণৰূপে হ্ৰাস কৰে। এইদৰে বাৰে বাৰে নিজকে ৰূপান্তৰিত কৰি তেওঁলোকে বাৰ্ধক্য ৰোধ কৰে। অৱশ্যে বিজ্ঞানীসকলৰ মাজত মত বিৰোধ দেখা যায়। যদি আন এটা ডাঙৰ মাছে ইহঁতক খায় বা হঠাৎ ডাঙৰ বেমাৰত আক্ৰান্ত হয়, তেন্তে ইহঁতৰ মৃত্যু হয়। কিন্তু বাৰ্ধক্যজনিৰ বাবে ইহঁতৰ মৃত্যু নহয়।
- Log in to post comments