দাঁতৰ বিষ বহু যন্ত্রণাদায়ক হয়। এই অসহ্যকৰ দাঁতৰ বিষ যেতিয়াই তেতিয়াই আৰম্ভ হ’ব পাৰে। কেতিয়াবা কেতিয়াবা এই বিষে সহ্যৰ সীমা অতিক্রম কৰে। দাঁতৰ বিষ যন্ত্ৰণাৰ পৰা পৰিত্ৰাণ পাবলৈ চিকিৎসকৰ পৰামৰ্শ লোৱাটো নিতান্তই প্ৰয়োজনীয়। কেইটামান দাঁতৰ বিষৰ ঘৰুৱা উপায়ৰ বিষয়ে জানো আহক -
১/ নহৰু -
নহৰু পূৰ্বৰ দিনৰ পৰাই বিভিন্ন সমস্যাৰ প্ৰতিকাৰ ৰূপে ব্যৱহাৰ হৈ আহিছে। নহৰুৱে ক্ষতিকাৰক বেক্টেৰিয়া নিধন কৰাৰ ফলত বিষ নিৰাময় হয়। সেয়ে দাঁত বিষৰ পৰা সকাহ পাবলৈ নহৰু ব্যৱহাৰ কৰিব পাৰে। ইয়াৰ বাবে অলপমান নহৰুৰ পেষ্ট তৈয়াৰ কৰি দাঁতৰ বিষ অনুভৱ হোৱা স্থানত এই পেষ্ট লগায় দিয়ক।
২/ নিমখ পানী -
অতিমাত্ৰা দাঁতৰ বিশ হলে নিমখ পানীৰে দাঁত পৰিষ্কাৰ কৰিব লাগে। নিমখ পানীক প্রাকৃতিক জীৱাণুনাশক হোৱাৰ বাবে ই দাঁতত লাগি থকা খাদ্যকণা উলিয়াই অনাত সহায় কৰে। ইয়াৰ বাবে এগিলাচ গৰম পানীত আধা চামুচ নিমখ মিহলাই ল’ব লাগে।
৩/ লং -
দাঁতৰ বিষৰ চিকিৎসাৰ বাবে লঙৰ ব্যৱহাৰ প্ৰায়ে হৈ আহিছে। লং তেলে বিষ নিৰাময় কৰাৰ লগতে প্রদাহ কমায়। এই তেলত থকা ইউজেনল নামৰ উপাদানবিধে প্রাকৃতিক এন্টিচেন্টিক হিচাপে কাম কৰে। দাঁতৰ বিষত লং ব্যৱহাৰ কৰিবলৈ হ’লে এটুকুৰা কপাহত কেইটোপালমান লং তেল লৈ বিষ অনুভৱ হোৱা স্থানত লগাই ৰাখক। ইয়াৰ পৰা দাঁতৰ বিষ সকাহ পাব।
- Log in to post comments