নলবাৰীত এতিয়া সন্ত্ৰাসৰ অন্য এটা নাম হৈছে BAMBOO SEED BUG….

Nalbari

নলবাৰীত এতিয়া সন্ত্ৰাসৰ অন্য এটা নাম হৈছে BAMBOO SEED BUG। শেহতীয়াভাবে এইবিধ পোকৰ বাবে নিজৰ গাওঁ এৰাৰ লগতে নিজৰ সপোনৰ ঘৰখন এৰিবলৈ বাধ্য নলবাৰীৰ এটা পৰিয়াল৷ জিলা খনৰ পানীগাৱৰ কুমুদ শৰ্মাৰ বাসগৃহৰ পিছফালে থকা এজোপা কটা বাহঁ ফুলাৰ পিছত এতিয়া কটা বাঁহ জোপাৰ পৰা সৃষ্টি হোৱা এইবিধ পোকে আতংকৰ সৃষ্টি কৰে৷ সম্প্ৰতি এই পোক বিধে ঘৰৰ চৌপাশ আবৰি ধৰিছে৷ জুই লগাইও খেদিব পৰা নাই এই পোক বিধ৷ ইতিমধ্যে BAMBOO SEED BUG নামৰ এই পোক বিধৰ বাবে এতিয়া পৰিয়ালটো অসহায় হৈ পৰিছে ৷ এনে ক্ষেত্ৰত জিলা প্ৰশাসনৰ সহায় বিছাৰিচে পৰিয়ালটোৱে৷

Category