তৰমুজৰ বীজ কেতিয়াবা আপোনাৰ পেটলৈ গৈছে নেকি? তৰমুজৰ বীজ পেটলৈ গ'লে কি হ'ব পাৰে?....

watermalon

এতিয়া তৰমুজ (Watermalon)ৰ বতৰ। গৰমৰ বতৰত স্বাস্থ্যৰ বাবে অতি উপকাৰী ফল তৰমুজ। তৰমুজত আছে ৯২ শতাংশ পানী। সেয়ে গৰমৰ বতৰত তৰমুজে আপোনাৰ দেহ-মন শাঁত পেলায়। পানীৰ লগতে তৰমুজত প্ৰচুৰ পৰিমাণে থাকে পুষ্টি, ভিটামিন আৰু খনিজ আইৰণ। তৰমুজত প্ৰচুৰ পৰিমাণে বিটা কেৰোটিন আৰু ভিটামিন ‘A’ থাকে ৷

তৰমুজে শৰীৰত পানীৰ অভাৱ হ্ৰাস কৰাৰ লগতে ভাগৰ হ্ৰাস কৰে। প্ৰসাৱ বা বৃ্ক্কৰ বিভিন্ন ৰোগ থকা সকলৰ বাবে তৰমুজ অতি উপকাৰী। হজম শক্তি বৃদ্ধি কৰাতো তৰমুজ অতি উপকাৰী। অৱশ্যে অধিক পৰিমাণৰ তৰমুজ সেৱন কৰাতো আপোনাৰ বাবে অপকাৰী হ’ব পাৰে। যদিও তৰমুজে অন্য খাদ্য সহজে হজম কৰে, ই নিজে পলমকৈ হজম হয়। গতিকে অধিক পৰিমাৰ তৰমুজ সেৱন কৰিলে আপোনাৰ গেছ হোৱাৰ সম্ভাৱনা থাকে।

তৰমুজৰ বীজ খালে কি হয়?

কেতিয়াবা তৰমুজ খালে হয়টো তৰমুজৰ বীজ আপোনাৰ পেটলৈ যায়। পিছে তৰমুজৰ বীজ পেটলৈ গ’লে কি হ’ব পাৰে আপোনাৰ। ই আপোনাৰ শৰীৰৰ বাবে অপকাৰী নে উপকাৰী?

স্বাস্থ্য বিশেষজ্ঞ সকলৰ মতে, তৰমুজৰ বীজত কেইবাপ্ৰকাৰৰো এচিড থাকে। যি আপোনাৰ স্বাস্থ্যৰ বাবে অতি উপকাৰী। ই আপোনাৰ শৰীৰৰ কোনো ধৰণৰ ক্ষতি নকৰে। ইয়াৰ বীজ আপোনাৰ শৰীৰলৈ গ’লে শৰীৰ শীতল কৰাৰ লগতে আপোনাৰ পাচন ক্ষমতা বৃদ্ধি কৰে।
 

Category
Profile picture for user UB Photos