গৰমৰ দিনত ডায়েবেটিছ ৰোগীয়ে খাব পৰা ৫ টাকৈ পানীয়ৰ বিষয়ে, জানো আহক....

juice

গৰমৰ দিন অহাৰ লগে লগে সকলোৱে শৰীৰটো হাইড্ৰেট কৰি ৰখাটো অতিকৈ প্ৰয়োজন। কিন্তু তাৰ মাজতে ডায়েবেটিছ ৰোগী সকলে চেনিৰ মাত্ৰাৰ ওপৰত বিশেষভাৱে গুৰুত্ব দিব লাগে। গতিকে, আজি জানো আহক -

গৰমৰ দিনত ডায়েবেটিছ ৰোগীয়ে খাব পৰা ৫ টাকৈ পানীয়ৰ বিষয়ে -

ডায়েবেটিছ ৰোগীয়ে দীৰ্ঘদিন ধৰি চেনিৰ মাত্ৰা নিয়ন্ত্ৰণ কৰিব নোৱাৰিলে শৰীৰৰ একাধিক অংগৰ ক্ষতি হোৱাৰ আশংকা থাকে। ডায়েবেটিছ নিয়ন্ত্ৰণত ৰাখিবলৈ খাদ্যত আঁহযুক্ত খাদ্যৰ পৰিমাণ বৃদ্ধি কৰাৰ লগতে সম্পূৰ্ণৰূপে চেনি বা চেনিযুক্ত খাদ্য পৰিহাৰ কৰিব লাগে।

ডায়েবেটিছ ৰোগীৰ বাবে ফলৰ ৰসতকৈ সতেজ ফল বেছি উপকাৰী। তথাপি গ্ৰীষ্ম দিন কেইটাত তৰল পদাৰ্থৰ সেৱন কৰাৰ পৰিমাণ বৃদ্ধি কৰিব লাগে।

যেতিয়া শৰীৰত পানীৰ পৰিমাণ কম হয়, তেতিয়া ছুগাৰ লেবেল বৃদ্ধি বা হ্ৰাস হোৱা দেখিবলৈ পোৱা যায়। যাৰ ফলত শৰীৰটো দুৰ্বল হৈ পৰিব পাৰে। সেয়েহে, এই গ্ৰীষ্মকালত প্ৰচুৰ পৰিমাণে পানী নোখোৱাকৈ সুস্থ হৈ থকাৰ কোনো উপায় নাই।

ডায়েবেটিছ ৰোগীয়ে নেমুৰ পানী খাব পাৰে। কিন্তু তাত চেনি নোহোৱাকৈ খাব লাগিব। হাইড্ৰেচনৰ লগতে ই শৰীৰৰ ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰিব।

ফলৰ ৰসৰ সলনি শাক-পাচলিৰ ৰস খাব লাগে। গ্ৰীষ্মকালত লাউৰ ৰস, ডায়েবেটিছ ৰোগীৰ বাবে লাউৰ ৰস উপকাৰী। এইবোৰে চেনি নিয়ন্ত্ৰণত ৰাখিব।

ডাব পানীত গ্লাইচেমিক ইনডেক্স আৰু চেনিৰ মাত্ৰা কম। এই গ্ৰীষ্মকালত প্ৰতিদিনে বটলত ভৰোৱা পানী খালে শৰীৰ হাইড্ৰেটেড হৈ থাকিব আৰু চেনি বৃদ্ধি নহ'ব।

 

Category

Related Articles