গণতন্ত্ৰৰ সৰ্বোচ্চ মহোৎসৱ উপলক্ষে উখল মাখল প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰ...

assam

 

মৰিগাঁও নিৰ্বাচন জিলাৰ জিলা নিৰ্বাচন বিষয়া তথা জিলা আয়ুক্ত দেৱাশীষ শৰ্মাৰ আহ্বানক্ৰমে ভোটগ্ৰহণ কেন্দ্ৰ থকা বিদ্যালয়সমূহে নিজা প্ৰচেষ্টাত কেন্দ্ৰসমূহ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰসদৃশ কৰি তুলিছে। গণতন্ত্ৰৰ এই মহা উৎসৱত প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰক আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰৰ শাৰীলৈ লৈ যাব নোৱাৰিলেও ৰাজ্যৰ ভিতৰতে পোনপ্ৰথমবাৰৰ বাবে মৰিগাঁও নিৰ্বাচন জিলাত আদৰ্শ কেন্দ্ৰসদৃশ ভোটগ্ৰহণ কেন্দ্ৰৰ নব্য ধাৰণাক বাস্তৱ ৰূপ দিয়াৰ প্ৰয়াস কৰা হৈছে। জিলা আয়ুক্তগৰাকীয়ে ভোটগ্ৰহণৰ দিনা প্ৰতিটো ভোটগ্ৰহণ কেন্দ্ৰক আকৰ্ষণীয় আৰু উৎসৱমুখৰ কৰি তোলাৰ বাবে আহ্বান জনাইছিল। তেওঁ এইক্ষেত্ৰত শ্ৰেষ্ঠ বিদ্যালয়খনলৈ নগদ ২০,০০০ টকা, দ্বিতীয় শ্ৰেষ্ঠ বিদ্যালয়খনলৈ নগদ ১০,০০০ টকা আৰু তৃতীয় শ্ৰেষ্ঠ বিদ্যালয়খনলৈ নগদ ৫,০০০ টকা আগবঢ়োৱাৰ কথাও ঘোষণা কৰিছিল!

Category
Profile picture for user UB Photos