বিহু কমিটীলৈ সুখবৰ! বিহু কমিটীলৈ ৩৫ কোটি টকাৰ সাহায্য, এই টকা কেতিয়া লাভ কৰিব?........

BIHU

ৰাজ্যৰ বিহু কমিটীসমূহলৈ সুখবৰ! বিহু কমিটীসমূহলৈ চৰকাৰী সাহায্যৰ সেউজ সংকেত ECৰ। দুই এদিনৰ ভিতৰতে বিহু কমিটীসমূহে লাভ কৰিব চৰকাৰী অনুদান। সাহায্য প্ৰদানৰ বাবে ভাৰতীয় নিৰ্বাচন আয়োগক অনুৰোধ জনাইছিল অসম চৰকাৰে। ৰাজ্য চৰকাৰৰ অনুৰোধক সেউজ সংকেত প্ৰদান কৰিলে ভাৰতীয় নিৰ্বাচন আয়োগকে। নিৰ্বাচনী আচৰণ বিধিৰ বাবে চৰকাৰে দিব পৰা নাছিল ধন।

উল্লেখযোগ্য যে, ৰাজ্যৰ ২,৩০৬ খন বিহু সমিতিলৈ ৩৫ কোটিৰ সাহায্য প্ৰদান কৰা হ'ব। ৰাজ্য চৰকাৰে ১০ বছৰতকৈ অধিক পুৰণি বিহু কমিটীসমূহক ডেৰ লাখ টকাৰ অনুদান আগবঢ়াব। ডঃ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী দায়িত্ব লোৱাৰ পিছৰে পৰা ৰাজ্য চান্দা অপসংস্কৃতি ৰোধৰ বাবে গ্ৰহণ কৰি আহিছিল এই পদক্ষেপ। কিন্তু এইবৰ্ষত দেশৰ লগতে ৰাজ্যত নিৰ্বাচনী আচৰণ বিধি বলৱৎ হোৱাৰ বাবে বিহু কমিটীলৈ আৰ্থিক অনুদান প্ৰদানত আহি পৰিছিল বাধা। 

কিন্তু অৱশেষত ৰাজ্যৰ বিহু কমিটীক অনুদান প্ৰদানৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰক সেউজ সংকেত প্ৰদান কৰিলে নিৰ্বাচন আয়োগে। ৰাজ্যৰ ২৩০৬খন বিহু কমিটীয়ে এইবাৰ লাভ কৰিব চৰকাৰী আৰ্থিক অনুদান।

Category
Profile picture for user UB Photos