অৰুণাচল প্ৰদেশৰ হোটেলত চাঞ্চল্য! মৃত্যুৰ আঁৰত ক'লা যাদু থাকিব পাৰে বুলি চৰ্চা.......

arunachal


অৰুণাচল প্ৰদেশত হোটেলত হোৱা এক ঘটনাই ৰাজ্যত চাঞ্চল্যৰ সৃষ্টি কৰিছে। প্ৰকৃততে হৈছিল কি ? কেৰালাৰ তিনি ব্যক্তি অৰুণাচল প্ৰদেশৰ এখন হোটেললৈ আহিছিল। এটা দম্পতী আৰু তেওঁলোকৰ বান্ধৱীৰ সৈতে আহিছি অৰুণাচললৈ, কিন্তু মৃতদেহ উদ্ধাৰ হল আৰু সমগ্ৰ ৰাজ্যত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে। 

আনহাতে, কেৰালা আৰক্ষীয়ে প্ৰকাশ কৰিছে যে ব্যক্তিকেইগৰাকীৰ মৃত্যুৰ আঁৰত ক’লা যাদু থাকিব পাৰে বুলি চৰ্চা চলি আছে বুলি উল্লেখ কৰিছে। এই চৰ্চাৰ মাজতে ৰাজ্যখনৰ তিনিগৰাকী লোকৰ মৃত্যুৰ ৰহস্য সন্দৰ্ভত তদন্তৰ বাবে অৰুণাচল প্ৰদেশলৈ এটা দল প্ৰেৰণ কৰিব অৰুণাচল আৰক্ষীয়ে। তিৰুৱন্তপুৰম মহানগৰৰ আৰক্ষী আয়ুক্ত চি নাগাৰাজুৱে কয় যে তিনিওগৰাকীৰ আচৰণত কিবা এক অস্বাভাৱিকতা দেখা গৈছে। 

কিন্তু তেওঁলোকৰ মোবাইল আৰু অন্যান্য বৈদ্যুতিন সঁজুলি পৰীক্ষা নকৰালৈকে চূড়ান্তভাৱে একো ক’ব নোৱাৰি। কোট্টায়ামৰ এটি দম্পতী আৰু তিৰুৱন্তপুৰমৰ তেওঁলোকৰ বান্ধৱীক জিলা সদৰ হাপোলিৰ হোটেল ব্লু পাইনৰ এটা কোঠাৰ ভিতৰত মৃত অৱস্থাত পোৱা গৈছিল বুলি আৰক্ষীয়ে জনায়।

তিৰুৱন্তপুৰমৰ বাসিন্দা আৰ্য আৰু কোট্টায়ামৰ বাসিন্দা নবীন আৰু তেওঁৰ পত্নী দেৱী বুলি চিনাক্ত কৰা হৈছে। তেওঁৰ পত্নী দেৱীয়ে এখন ব্যক্তিগত বিদ্যালয়ত জাৰ্মান ভাষা শিকাইছিল আৰু আৰ্য একেখন বিদ্যালয়তে ফৰাচী শিক্ষক আছিল। 

ইফালে, দম্পতীহালৰ পৰিয়ালৰ এগৰাকী বন্ধু তথা সাংস্কৃতিক কৰ্মী সূৰ্য কৃষ্ণমূৰ্তিয়ে সাংবাদিকৰ আগত কয় যে দেৱীৰ পিতৃ এগৰাকী বন্যপ্ৰাণী ফটোগ্ৰাফাৰ। তেওঁলোকৰ মৃত্যুৰ আঁৰত ক’লা যাদু আছিল বুলিও তেওঁ মত পোষণ কৰে। তেওঁ এইটোও কয় যে দম্পতীটো আয়ুৰ্বেদিক চিকিৎসক আছিল। 

আনহাতে, নবীনৰ পৰিয়ালৰ ওচৰত বাস কৰা স্থানীয় বাসিন্দাসকলে কয় যে দম্পতীটোৱে ১৩ বছৰ পূৰ্বে বিবাহপাশত আবদ্ধ হৈছিল আৰু মাজে মাজে আহি মাক-দেউতাকক লগ কৰিছিল। তিনিওগৰাকী ২৮ মাৰ্চত গৈ হোটেলখনত উপস্থিত হৈছিল।

অৰুণাচলৰ আৰক্ষীয়ে প্ৰকাশ কৰা মতে, প্ৰাৰম্ভিক অনুসন্ধানত আত্মহত্যাৰ দিশে নিৰ্দেশ কৰিছে। কিন্তু মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন পোৱাৰ পিচতহে এক নিশ্চিত সিদ্ধান্তত উপনীত হ’ব পৰা যাব।

Category
Profile picture for user UB Photos