১৯ৰ পৰা ২০ এপ্ৰিলৰ ভিতৰত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল, মুখ্যমন্ত্ৰীৰ ঘোষণা.....

Himanta Biswa Sarma

বিহুৰ আনন্দৰ মাজতে ঘোষণা হ’ব মেট্ৰিকৰ ফলাফল। সোমবাৰে এই মন্তব্য কৰিছিল শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে। কিন্তু শিক্ষামন্ত্ৰীগৰাকীয়ে মেট্ৰিকৰ ফলাফল ঘোষণাৰ কোনো তাৰিখ ঘোষণা কৰা নাছিল সংবাদ মাধ্যমৰ আগত। কিন্তু মংগলবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিলে মেট্ৰিকৰ ফলাফল ঘোষণাৰ তাৰিখ।

মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে ১৯ৰ পৰা ২০ এপ্ৰিলৰ ভিতৰত ঘোষণা কৰা হ’ব মেট্ৰিকৰ ফলাফল। অৰ্থাৎ বিহু ঠিক পিছতেই ঘোষণা হ’ব হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল।

Category