
ডিব্ৰুগড় কেন্দ্ৰীয় কাৰাগাৰৰ অধীক্ষকক গ্ৰেপ্তাৰ
অধীক্ষক নৃপেন দাসক গ্ৰেপ্তাৰ ডিব্ৰুগড় আৰক্ষীৰ
কেইবাঘণ্টা জোৰা জেৰাৰ অন্তত গ্ৰেপ্তাৰ নৃপেন দাসক
কাৰাগাৰত উদ্ধাৰ হৈছিল বহু আপত্তিজনক সামগ্ৰী
খালিস্তানী নেটৱৰ্কৰ বিস্ফোৰক তথ্য আহিছিল পোহৰলৈ
খালিস্তানী নেতাৰ কুঠৰীত জব্দ হৈছিল ইলেক্ট্ৰনিক ডিভাইচ
ঘটনাৰ পিছৰে পৰা সন্দেহৰ আৱৰ্তত আছিল নৃপেন দাস
কাৰাগাৰৰ দায়িত্বত আছিল অধীক্ষক নৃপেন দাস
কাৰাগাৰতে বন্দী হৈ আছে খালিস্তানী নেতা অমৃতপাল সিং
অমৃতপালৰ ১০ সহযোগীও আছে ডিব্ৰুগড় কাৰাগাৰত
কাৰাগাৰ নিয়ম ভংগৰো অভিযোগ পোৱা গৈছে কাৰাগাৰৰ অধীক্ষকগৰাকীৰ বিৰুদ্ধে। কাৰাগাৰৰ ভিতৰত থকা কাৰাবন্দীক যি সামগ্ৰী দিব নালাগে সেয়া যোগান ধৰা হৈছিল। কাৰ অনুমতিত সামগ্ৰী যোগান ধৰা হৈছিল তাৰো তদন্ত চলিব।
যিসমূহ সামগ্ৰী পোৱা হৈছে NSA চেলৰ ভিতৰতে পোৱা গৈছে। তদন্তত বহুখিনি তথ্য পোৱা গৈছে। প্ৰয়োজনীয় সকলো তথ্য লাভ কৰাৰ কথা জানিবলৈ দিছে জিলাখনৰ আৰক্ষী অধীক্ষক এছ পি ৰেড্ডীয়ে।
- Log in to post comments