বোকাজানত প্ৰদূষিত বায়ুমণ্ডলত প্ৰভাৱিত জনসাধাৰণ! চৰ্ম ৰোগত আক্ৰান্ত হৈছে বহুজন......

assam

বোকাজানত প্ৰদূষিত বায়ুমণ্ডলত প্ৰভাৱিত জনসাধাৰণ
চৰ্ম ৰোগত আক্ৰান্ত হৈছে বহুজন
খটখটীৰ এটা কাৰখানা হৈ পৰিছে অভিশাপস্বৰূপ
কাৰখানাৰ পৰা নিৰ্গত বিষাক্ত দ্ৰব্যই আনিছে ভাবুকি
ৰাইজৰ আবেদনৰ পিছতো নিৰ্বিকাৰ বিভাগীয় কৰ্তৃপক্ষ

পাৰ্বত্য জিলা কাৰ্বিআংলঙৰ উদ্যোগী নগৰী বুলি পৰিচিত বোকাজান মহকুমাৰ খটখতি থানা অন্তৰ্গত টিলাবস্তিত অৱস্থিত Radiant Manufacturers Private Limited চমুকৈ (RMPL) নামৰ একমাত্ৰ স্পিৰিত ফেক্টৰিটোৰ পৰা পেলনীয়া বিষাক্ত দ্ৰব্যসমূহ কাৰখানাৰ কৰ্তৃপক্ষই পথাৰৰ মাজেদিয়েই  মুকলিকৈ নলাৰ জৰিয়তে ধনশিৰী নদীত এৰি  দিয়াৰ ফলত নৈৰ পানী প্ৰদূষিত হৈ নদীৰ খনত থকা বিভিন্ন প্ৰজাতিৰ জীবৰ বাবে বিপদ হৈ পৰাৰ লগতে এজাক বৰষুণতেই কাৰখানাৰ এচিড পানী আৰু বিষাক্ত দ্ৰব্যৰে নলাৰ পানী উপচি কাষতে থকা পথাৰত সোমাই খেতিয়কৰ খেতি অনিষ্ট কৰিছে।

 সেই বিষাক্ত পানী সেৱন কৰি বহু লগতে পশু ধন বিভিন্ন অচিন ৰোগত আক্রান্ত হোৱাৰ লগতে মৃত্যু পৰ্যন্তহোৱা বুলি স্থানীয় লোকে সংবাদমাধ্যমৰ আগত ব্যক্ত কৰিছে।

Category