আগন্তুক লোকসভা নিৰ্বাচনক লৈ পৰ্যালোচনা বৈঠক! ৰাজ্যত কেতিয়া লৈ হ'ব নিৰ্বাচন?........

Election

ব’হাগ বিহুৰ পূৰ্বেই অসমত ভোটগ্ৰহণৰ সম্ভাৱনা!
মাৰ্চৰ দ্বিতীয় সপ্তাহৰ শেষত নিৰ্বাচনৰ দিন ঘোষণাৰ সম্ভাৱনা
গুৱাহাটীত ভাৰতীয় নিৰ্বাচন আয়োগৰ বিষয়াবৰ্গ
আগন্তুক লোকসভা নিৰ্বাচনক লৈ পৰ্যালোচনা বৈঠক

ৰাজ্যৰ সকলো জিলা নিৰ্বাচনী বিষয়াৰে আলোচনা
বৈঠকত উপস্থিত গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্ত
জিলা SP, DIG, অন্যান্য জ্যেষ্ঠ বিষয়া উপস্থিত
উপ-নিৰ্বাচনী আয়ুক্ত হৃদেশ কুমাৰৰ নেতৃত্বত বৈঠক
দলটোত আছে ক্ৰমে জ্যেষ্ঠ প্ৰধান সচিব এন এন বুটোলিয়া
সঞ্চালক পংকজ শ্ৰীবাস্তৱ, সচিব এন টি ভূটীয়া

এই বৈঠকত স্থান পোৱা বিষয়সমূহ হ’ল– ভোটাৰক ফটো সম্বলিত পৰিচয় পত্ৰ বিতৰণ, ভোটকেন্দ্ৰসমূহত গ্ৰহণ কৰা ব্যৱস্থা, EVM, VVPAT আৰু বিষয়া কৰ্মচাৰীৰ উপলব্ধতা, ভোটদানৰ হাৰ বৃদ্ধি কৰিবলৈ হাতত লোৱা SVEEPৰ কাম কাজ, বিষয়া কৰ্মচাৰীৰ প্ৰশিক্ষণ ইত্যাদি।

দুদিনীয়া ভ্ৰমণসূচীৰে অহা নিৰ্বাচন আয়োগৰ উচ্চ বিষয়াৰ দলটোৱে ইয়াৰ পূৰ্বে মঙলবাৰে  সন্ধিয়া অসম চৰকাৰৰ মুখ্য সচিব পৱন বৰঠাকুৰ আৰু বিভিন্ন চৰকাৰী বিষয়াৰ জ্যেষ্ঠ সচিবসকলৰ সৈতে মিলিত হয়।
 

Category
Profile picture for user UB Photos