গুৱাহাটীৰ সাংবাদিক বৰষা দাস আৰু সুৰজিৎ শৰ্মাই নাগালেণ্ডৰ অনন্য কৃষি পদ্ধতি উপস্থাপন কৰা তথ্যচিত্ৰ ‘মাউণ্টেন এগ্ৰিকালচাৰ মাৰ্ভেল’ৰ বাবে ‘গ্ৰীন ফ্ৰেমছ: বাতাৱৰণ শ্বৰ্ট ফিল্ম কম্পিটিচন এণ্ড ফেষ্টিভেল ২০২৩’ত শ্ৰেষ্ঠ ছবিৰ বঁটা লাভ কৰিছে।
মোংগাবে-ইণ্ডিয়াৰ হৈ কৰা অনবদ্য কামৰ বাবে বৰষা দাস আৰু সুৰজিৎ শৰ্মাই ‘পেছাদাৰী চলচ্চিত্ৰ নিৰ্মাতা আৰু চলচ্চিত্ৰ ষ্টুডিঅ’ শাখাত বঁটা জিনিবলৈ সক্ষম হয়। মুম্বাইস্থিত আমেৰিকাৰ কনছুলেট জেনেৰেলৰ সহযোগত চেণ্টাৰ ফৰ মিডিয়া ষ্টাডিজে (চিএমএছ) এই বঁটা প্ৰদান কৰে। ৫ মাৰ্চত ভূপালত অনুষ্ঠিত হোৱা মহোৎসৱত লাভ কৰে এই বঁটা।
‘গ্ৰীন ফ্ৰেমছ: বাতাৱৰণ শ্বৰ্ট ফিল্ম কম্পিটিচন এণ্ড ফেষ্টিভেল ২০২৩’ত “পৰিৱেশ সংৰক্ষণ আৰু জলবায়ুৰ সৈতে মোকাবিলা”ৰ শ্ৰেষ্ঠ কামক স্বীকৃতি প্ৰদান কৰিছে। ইয়াত পৰিৱেশ/জৈৱবৈচিত্ৰ্য সংৰক্ষণ আৰু জলবায়ুৰ সৈতে অভিযোজন/প্ৰশমনৰ গুৰুত্বক বিশেষভাৱে আলোকপাত কৰা হয় আৰু পৰিৱেশৰ ওপৰত আধুনিক জীৱনশৈলীৰ প্ৰভাৱৰ বিষয়ে নিৰ্মোহভাৱে উপস্থাপন কৰা হয়।
“এই চুটি ছবিখন নিৰ্মাণৰ যাত্ৰাকালত অবিশ্বাস্যভাৱে আমাক বহু কথাই শিকালে। ছবিখনে নাগালেণ্ডৰ পৰম্পৰাগত জল সংগ্ৰহ পৰম্পৰাৰ স্বকীয়তাক ধৰি ৰখাই নহয়, বহনক্ষম কৃষি পদ্ধতিৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই ইতিবাচক কাহিনীৰ ভাগ-বতৰা কৰাৰ বাবে মোংগাবে-ইণ্ডিয়াক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আৰু আমাৰ কামেও আন বহুজনক অধিক বহনক্ষম ভৱিষ্যতৰ বাবে পৰিৱেশ-অনুকূল সমাধান অন্বেষণ আৰু গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰিব বুলি আশা কৰিছোঁ।”- লগতে এইদৰে কয় সুৰজিৎ শৰ্মাই।
সুৰজিৎ আৰু বৰষাই কিক্ৰুমাৰ চাখেছাং কৃষকসকললৈ এই বঁটাটি উছৰ্গা কৰে।
- Log in to post comments