দায়িত্বজ্ঞানহীন ছেবা, হতাশাত শিক্ষাৰ্থী! মেট্ৰিকত গণিতৰ জটিল প্ৰশ্নকাকত......

seba

পুনৰ বিতৰ্কৰ আৰ্ৱতত ছেবা। এইবাৰ মেট্ৰিকত গণিতৰ জটিল প্ৰশ্নকাকতক লৈ প্ৰশ্ন। পৰীক্ষাৰ হ'লত জটিল প্ৰশ্নকাকতকলৈ পৰীক্ষাৰ্থীৰ মাজত হাহাকাৰ। দায়িত্বজ্ঞানহীন ছেবা, হতাশাত শিক্ষাৰ্থী। ছেবা কৰ্তৃপক্ষক ধিক্কাৰ অভিভাৱক-শিক্ষাৰ্থীৰ। 

সামাজিক মাধ্যমতো সৃষ্টি তীব্ৰ বিৰ্তকৰ। পাঠ্যক্ৰমৰ বাহিৰৰ প্ৰশ্ন অন্তৰ্ভুক্তিৰ অভিযোগ। প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰশ্ন অহাৰ অভিযোগ।

দুৰ্বল আৰু মধ্যমীয়া শিক্ষাৰ্থীসকলৰ কথা বাদেই, মেধাৱী শিক্ষাৰ্থীৰ বাবেও এইবৰ্ষৰ গণিতৰ প্ৰশ্নকাকত অধিক কঠিন হৈছে বুলি মত পোষণ বিভিন্নজনৰ।

বিগত ২৫ বছৰত এনেধৰণৰ প্ৰশ্নকাকত দেখা নাছিল বুলি একাংশ শিক্ষকেও আনিছে অভিযোগ। এনে প্ৰশ্নকাকতে শিক্ষাৰ্থীসকলক হতাশ কৰিছে বুলি গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ছেবাৰ বিৰুদ্ধে। 

Category
Profile picture for user UB Photos