সৰস্বতী পূজাত কেতিয়াৰ পৰা গ্লেমাৰ যোগ হ'ল? জানো আহক.......

puja

'আমাৰ অসম' নামৰ বাতৰিকাকত খনত ১৬ ফ্ৰেব্ৰুৱাৰী ২০২৪ তাৰিখে প্ৰকাশিত হৈছে UB Photos ৰ জন্ম দাতা উৎপল বৰুৱা দেৱৰ এক লিখনি  -

ub

ইতি, সৰস্বতী পূজাৰ কথা : আচলতে কথা পূজাস্থলীৰ সৌন্ধৰ্য্য চৰ্চাক লৈহে। অসমৰ দৈনিক বাতৰি কাকতবোৰত পূজাৰ খবৰটোৰ গুৰুত্ব একেবাৰেই কম আছিল তেতিয়া। সৰু মুৰ্ত্তি এটাৰ এক কলমৰ ফটোখনৰ লগতে খুব বেছি ২৪ বা ৩০ টা মান শব্দৰে এটা চুকত স্থান পোৱা এটা খবৰ আছিল মাত্ৰ। ব্যক্তিগত টিভি চেনেলবোৰৰ জন্ম হোৱাৰ বহু আগৰ কাহিনী এয়া। পাঠক সমাজো এনেকৈয়ে সন্তুষ্ট আছিল। কিন্তু ছপা মাধ্যমে প্ৰযুক্তিয়ে অনা যুগান্তৰকাৰি পৰিৱৰ্তনত খোজ ৰখাৰ সময়তে মই প্ৰৱেশ কৰিছিলোঁ এই বৃত্তিটোত। কান্ধত কেমেৰা হৈ অনাইবনাই ঘুৰি ফুৰিছিলোঁ গুৱাহাটীৰ অলীয়ে গলিয়ে। খবৰ থকা ফটো এখনৰ সন্ধানত। আজিৰ বাতৰি নামৰ কাকত খনত যোগ দিয়াৰ পিছত মোৰ এই অনুসন্ধিৎসু আৰু বৃদ্ধি পাইছিল। 'য়ং ইনাৰ্জেটিক' সহকৰ্মীসকলৰ মাজত কলম আৰু কেমেৰা এটাৰ শীতল যুদ্ধ চলিছিল সদায়ে, কোনে, কিমান কলম দখল কৰিব পাৰে কাকতৰ পৃষ্ঠাত? সেই সময়ত মনোজ দা ( মনোজ গোস্বামী )আছিল আমাৰ ইমিডিয়েট বছ । নতুন চিন্তাৰে আজিৰ বাতৰিক দিছিল অন্য এক মাত্ৰা। লাহে লাহে মোৰ ফটোবোৰে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছিল। কলমৰ পিছত কলম বাগৰি ডাঙৰ ডাঙৰ কৈ প্ৰকাশ পাইছিল, আচলতে ফটোক আগস্থান দিয়াৰ ৰিক্স অসমৰ আন সম্পাদক সকলে তেতিয়ালৈকে লবলৈ শিকাই নাছিল। প্ৰচলিত ' ছিষ্টেম' ভাঙি মনোজদাই আনিছিল অসমত খবৰৰ জগতত এক জোকাৰণি। নতুন সোৱাদ পাই পঢ়ুৱৈ সমাজে আদৰি লৈছিল আজিৰ বাতৰি কাকতক। বাতৰি কাকত খন বহু বাৰ ব্লেক'তো বিক্ৰী হৈছিল তেতিয়া। বাতৰি উপস্থাপন আছিল অতুলনীয়। সমানেই সম্পাদক হিচাপে ধিৰেণ চক্ৰৱৰ্তী ছাৰৰ 'আনকম্প্ৰমাইজ্ড এডিটৰিয়েল' আছিল সদায়ে আলোচ্য বিষয়।

puja

মই তুলি অনা ফটোবোৰ প্ৰকৃত মূল্যায়ন কৰি স্থান দিছিল কেতিয়াবা প্ৰথম পৃষ্ঠাত বা কেতিয়াবা অন্য পৃষ্ঠাত। সেইবাৰ সৰস্বতী পূজাৰ আগদিনা মোনজ দাই ক'লে, অকল পূজা মূৰ্ত্তি আৰু বুঢ়া পূজাৰীৰ ফটো লৈ অফিচ লৈ নাহিবি কালিলৈ। সঁচা কথাত মোক এটা ছেলেঞ্জ দিলে। আজিৰ দৰে তেতিয়াও সাজিকাচি ছাত্ৰীসকল ধুনীয়া হৈয়ে গৈছিল স্কুল কলেজলৈ। টিছি ৰ পৰা কটন লৈ সেই পথছোৱাত তেতিয়াও পিলিঙা ডেকাৰ ভিৰ লাগিছিল। মোৰ বাবে সেইবাৰ আছিল সৰস্বতী পূজাৰ ফটোত নতুন কিবা এটা সৃষ্টি কৰাৰ দায়িত্ব। পূজা পূজা লগা এখন ফটো লাগে। চুচুক চামাক কৈ সন্দিকৈত সোমালোঁ। কেমেৰাটো হাতত লৈ চাই আছোঁ ৰেহৰূপ। অঞ্জলি আৰম্ভ হৈছে, দুই এখন ফটো তুলিলোঁ, ওলাই আহি গেট পালোঁ। তেতিয়াৰ দিনত সন্দিকৈত সোমোৱাটোও আছিল অন্য এক ছেলেঞ্জ। ওলাই আহি গেটৰ মুখত কেমেৰাৰ ভিউফাইণ্ডাৰত চকু থৈ চাই আছোঁ। মোৰ ভিউফাইণ্ডাৰৰ পৃথিৱীত মইয়েই ৰজা। ইয়াত নচলে অন্য কাৰো হকা-বাধা । ক্লিক্ ক্লিক্ কৈ টিপি গৈছোঁ ছাটাৰ। বন্দী হৈছে সন্দিকৈৰ সুন্দৰীৰ প্ৰতিযোগিতা। তুলিলোঁ কেইখন মান ফটো আৰু আগবাঢ়িলোঁ কটনৰ অভিমুখে। কটনটো একে ৰূপৰেখা। এজনীতকৈ এজনী চৰা। সন্ধিয়া তুলি দিলোঁ মনোজ দাৰ হাতত ফটোৰ টোপোলা। 

              পুৱাৰ টোপনিৰ আমেজ লৈ যেতিয়া বাগৰ সলাওঁ তেতিয়া কাউৰীয়ে কা কৰোঁতেই হকাৰজনে দুৱাৰৰ মুখে মুখে দলিয়াই যায় খবৰৰ বোজা বোৱা পেপাৰখন। আমাৰ দৰে খবৰ সন্ধানীসকলৰ বাবে সেই কাকতখনৰ আৰু ভেল্যু নাথাকে। আমি ব্যস্ত হওঁ নতুন খবৰৰ সন্ধানত। নতুন এখন ফটোৰ পৰিকল্পনাৰে আৰম্ভ হয় এটা নতুন দিনৰ। 

          পুৱাৰ বাতৰি কাকত খনৰ খবৰবোৰে বা একোখন ফটোৱে বহুতৰ বাবে খুলি দিয়ে আন এক চিন্তাৰ দিশ। সেইবাৰৰ সৰস্বতী পূজাৰ ফটো খনেও সৃষ্টি কৰিছিল সমাজত এক কম্পনৰ। অনবৰতে বাজি আছিল অফিচৰ টেলিফোন। বহুতেই ভাল পোৱা নাছিল প্ৰচলিত নিয়ম ভাঙি আমি আগবঢ়োৱা ফটোখন। তেতিয়া মবাইল ফোন নাছিল। অফিচ গৈ নোপোৱা লৈকে অফিচৰ খবৰ পোৱা নাছিলো। আবেলি অফিচ পোৱাৰ লগে লগে ডেস্কৰ মহিলা সহকৰ্মীসকলৰ গালি। "সৰস্বতী পূজাৰ নামত কিয় ছোৱালীৰ ফটো তুলিছিলা, তুমি কি কৰিলা? খাবা আজি গালি।" কি হ'ল নো? সন্দিকৈৰ নে কটনৰএজাক ল'ৰা-ছোৱালী আহিছিল আমাৰ অফিচত ধৰ্ণা দিবলৈ সম্পাদক ছাৰে বুজাই বঢ়াই পথাই দিছে। চুপ হৈ বহি আছিলোঁ বহু সময় কি কৰিম এতিয়া, মনোজ দায়ে ভৰষা। পিছে ভবা মতে একো নহ'ল। লাহে লাহে তল পৰিল সকলো, তাৰ পিছত ধুনীয়া ছোৱালী আৰু সৰস্বতী পূজা বাতৰি কাকত বোৰৰ নিয়মীয়া বিষয় হৈ পৰিল। এতিয়াও চলি আছে এই পৰম্পৰা।


                                                    উৎপল বৰুৱা ( UB)

Category