বিধায়ক গৰাকীৰ মাতৃৰ মৃত্যুত গভীৰ শোক প্ৰকাশ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ।

akhil gogoi

বিধায়ক অখিল গগৈৰ মাতৃৰ দেহাৱসান। আজি পুৱা ৬:২০ বজাত শেষ নিশ্বাস ত্যাগ কৰে অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈয়ে।মৃত্যুৰ সময়ত প্ৰিয়দা গগৈৰ বয়স আছিল ৯৬ বছৰ। দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল প্ৰিয়দা গগৈ।

বিধায়ক গৰাকীৰ মাতৃৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী গৰাকীয়ে উল্লেখ কৰে, মাননীয় বিধায়ক শ্রীঅখিল গগৈ ডাঙৰীয়াৰ শ্ৰদ্ধাৰ মাতৃ প্রিয়দা গগৈ ডাঙৰীয়ানীৰ প্ৰয়াণৰ খবৰ শুনি মর্মাহত হ'লোঁ। এগৰাকী সমাজহিতৈষী, ধৰ্মপ্ৰাণ আৰু দয়ালু নাৰী হিচাপে প্ৰিয়দা গগৈ ডাঙৰীয়ানীয়ে সমাজত এক অনন্য স্থান অধিকাৰ কৰি আছিল। মাতৃৰ বিয়োগৰ এই অসহনীয় বেদনা কোনো শব্দৰেই পূৰণ কৰিব নোৱাৰি। তেখেতৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি ঈশ্বৰৰ শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ। তেখেতৰ শোকসন্তপ্ত পুত্র শ্রীঅখিল গগৈ ডাঙৰীয়াকে ধৰি সমগ্ৰ পৰিয়ালবৰ্গ, আত্মীয়-স্বজন আৰু গুণমুগ্ধসকললৈ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ। ওঁম শান্তি।
 

Category