আবুধাৱিৰ পিছত এইবাৰ কাটাৰত প্ৰধানমন্ত্ৰী মোদী! দুদিনীয়া ভ্ৰমণসূচীত কি কি কাৰ্য আছে? জানো আহক........

modi

আবুধাৱিৰ পিছত এইবাৰ দোহা ভ্ৰমণ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। দুদিনীয়া ভ্ৰমণসূচীৰে কাটাৰত উপস্থিত হয় প্ৰধানমন্ত্ৰী মোদী। কাটাৰৰ প্ৰধানমন্ত্ৰী শ্বেখ মহম্মদক সাক্ষাৎ কৰে মোদীয়ে।

লগতে, সাক্ষাৎ কৰিব কাটাৰৰ শীৰ্ষ নেতৃত্বক। দুয়ো দেশৰ কূটনৈতিক সম্পৰ্ক সন্দৰ্ভত আলোচনা কৰা হ'ব বুলি জানিব পৰা গৈছে।

উল্লেখ্য যে, এই কেইদিন পূৰ্বে কাটাৰৰ পৰা মুক্তি লাভ কৰিছিল ৮ গৰাকীকৈ ভাৰতীয় নৌসেনাৰ বিষয়া–নাৱিকে। চোৰাংচোৱাৰ গোচৰত কাটাৰ ন্যায়ালয়ত মৃত্যুদণ্ডৰ ৰায়দান পোৱা ৮ গৰাকী ভাৰতীয়ক মুক্তিৰ বাবে বিগত ডিচেম্বৰৰ পৰাই ভাৰতে কূটনৈতিক বাৰ্তালাপ চলাই আহিছিল। 

সদৌ শেষত দেশৰ কূটনৈতিক আলোচনাই সফলতা পাইছিল আৰু ভাৰতীয় লোককেইজনে মুক্তি লাভ কৰিছিল। এই ঘটনাৰ পাছতে প্ৰধানমন্ত্ৰীৰ দুদিনীয়া কাটাৰ ভ্ৰমণে বিশেষ তাৎপৰ্য বহন কৰিছে।

Category
Profile picture for user UB Photos